Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰৰ বগীনদীৰ গজাই মনাই ক্ষেত্ৰত মহিলা সমাৰোহ/ মন্ত্ৰী নৱ কুমাৰ দলেৰ চেক বিতৰণ

 গণ বাৰ্তা বিশেষ , লখিমপুৰ ১৫ ফেব্ৰুৱাৰী :  লখিমপুৰ জিলাৰ অধীনস্থ ৪৭২৯ টা মহিলা আত্মসহায়ক গোটৰ অন্তৰ্ভূক্ত মহিলাসকলক বিস্তাৰিত কণকলতা মহিলা ...


 গণ বাৰ্তা বিশেষ , লখিমপুৰ ১৫ ফেব্ৰুৱাৰী :  লখিমপুৰ জিলাৰ অধীনস্থ ৪৭২৯ টা মহিলা আত্মসহায়ক গোটৰ অন্তৰ্ভূক্ত মহিলাসকলক বিস্তাৰিত কণকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত স্বাৱলম্বী তথা আত্মনিৰ্ভৰশীলৰূপত গঢ় দি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে আগবঢ়োৱা ৫০ হেজাৰ আৰু ২৫ হেজাৰ টকীয়া আৰ্থিক অনুদান বিতৰণ কৰাৰ লগতে ২৩১ গৰাকী জীৱিকা সখীক তেওঁলোকৰ কৰ্ম সম্পাদনৰ সুবিধাৰ্থে আগবঢ়োৱা স্কুটি বিতৰণৰ উদ্দেশ্যে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু লখিমপুৰ জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বগীনদীৰ গজাই-মনাই ক্ষেত্ৰত দিনযোৰা কাৰ্যসূচীৰে জিলাভিত্তিত ৯ টা উন্নয়ন খণ্ডক সামৰি মহিলা সমাৰোহৰ আয়োজন কৰে । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক ড° দীপিকা পেগুৱে আঁত ধৰা আৰু লখিমপুৰ জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ত্ৰিপূৰেন্দ্ৰ পাতিৰে উদ্দেশ্য ব্যাখ্যা পাঠ কৰা সভাখনত উপস্থিত থাকি গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে অসম চৰকাৰে মহিলা সবলীকৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহ সন্দৰ্ভত বিশেষ ব্যাখ্যা আগবঢ়োৱাৰ লগতে পৰনিৰ্ভৰশীল হৈ জীৱনবাটত আগবঢ়াৰ সলনি স্বাৱলম্বী হোৱাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰিবলৈ উপস্থিত মহিলাসকলক আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে সভাখনত কৰা ঘোষণা মতে , অসম চৰকাৰে বৰ্তমান অসমৰ ৮৮ হেজাৰ মহিলা আত্মসহায়ক গোটক ৫০ হেজাৰকৈ আৰু ৬৫ হেজাৰ আত্মসহায়ক গোটক ২৫ হেজাৰকৈ টকা আগবঢ়োৱাৰ লক্ষ্য লৈছে । আনহাতে সভাখনত উপস্থিত থাকি বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাই উপস্থিত মহিলাসকলক কেৱল গৃহিণীৰ পৰিচয়েৰে পৰিচিত হোৱাৰ সলনি চৰকাৰে আগবঢ়োৱা উল্লিখিত ধনৰাশীৰে নিজকে স্বাৱলম্বীৰূপে গঢ় দি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় । এই সভাতে মন্ত্ৰী নৱ দলেয়ে লখিমপুৰ জিলাৰ ৯ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯ টাকৈ মহিলা আত্মসহায়ক গোটক ৫০ হেজাৰ আৰু ২৫ হেজাৰ টকীয়া চেক বিতৰণেৰে আৰু ৯ গৰাকী জীৱিকা সখীক ৯ খন স্কুটি বিতৰণেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বাকী থকা আত্মসহায়ক গোটসমূহে তেওঁলোকৰ প্ৰাপ্য ধনৰ চেকসমূহ স্থানীয় উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰপৰা সংগ্ৰহ কৰিব পাৰিব আৰু  জীৱিকা সখীসকলে তেওঁলোকৰ স্কুটিসমূহ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰপৰা সংগ্ৰহ কৰিব পাৰিব । সভাখনত অসম চৰকাৰে ১ লাখকৈ টকা ৰাজসাহায্যৰ বিনিময়ত জিলাখনৰ ১৬৭ গৰাকী নিবনুৱা যুৱকলৈ বুলি আগবঢ়োৱা লঘু বাণিজ্যিক বাহন বিতৰণ কাৰ্যসূচীৰো মন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে । সভাখনত জিলাখনৰ ৯ টা উন্নয়ন খণ্ড এলেকাৰপৰা আহি সংগঠিত হোৱা হেজাৰ-হেজাৰ মহিলাৰ লগতে জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা , জিলা পৰিবহন বিষয়া সীতাৰাম দলে , লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই , বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া , ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱা , কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

No comments