Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গেলাহাটিঙাত টুচু পৰৱ উদযাপন

গণ বাৰ্তা,ইটাখোলা ২ ফেব্ৰুৱাৰীঃ নদুৱাৰৰ গেলাহাটিঙা চাহ বাগিচাত চাহ জনগোষ্ঠী সকলৰ টুচু পৰৱ উদযাপন কৰে। অসমীয়া সমাজৰ দৰে চাহ জনজাতিসকলৰো উত্‍...


গণ বাৰ্তা,ইটাখোলা ২ ফেব্ৰুৱাৰীঃ নদুৱাৰৰ গেলাহাটিঙা চাহ বাগিচাত চাহ জনগোষ্ঠী সকলৰ টুচু পৰৱ উদযাপন কৰে। অসমীয়া সমাজৰ দৰে চাহ জনজাতিসকলৰো উত্‍সৱ তিনিটা কৰম পৰৱ, টুচু পৰৱ, আৰু সঁহৰাই পৰৱ । আমাৰ মাঘ বিহু বুলি ক’লেই মনলৈ আহে উদং পথাৰৰ মাজত নৰাৰে সজা সেই ভেলাঘৰটোৰ কথা । ভেলাঘৰটোৰ লগতে ওতঃপোতভাৱে জড়িত খৰিৰ মেজিটো, যাৰ উত্তাপে যৱনিকা পেলায় শীতৰ এই ঠেঁটুৱৈ ধৰা জাৰ । এই মাঘ বিহুক চাহ জনজাতিসকলে টুচু পৰৱ হিচাবে পালন কৰে । সাধাৰণতে টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় যদিও পূজাভাগ গোটেই মাঘ মাহটোতে 'ডাঙুৱা টুচু'(বৰলা টুচু) হিচাপে পালন কৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌষ পৰৱ বুলিও কোৱা হয়। ঐতিহ্য মণ্ডিত গেলাহাটিঙাত বিগত বৰ্ষৰ দৰে এই বাৰ দাদ্বশ বাৰ্ষিক টুচু পূজা ভাগ স্থানীয় আটছা,চাহ মজদুৰ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত প্ৰথম দিনা সন্দ্ধ্যা বেলাত টুচু'ৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি ওৰে নিশা যুৱক-যুৱতী,ডেকা-ডেকেৰীয়ে টুচু গীত-নৃত্য কৰি আনন্দ স্ফূৰ্তি কৰে। এই উপলক্ষে পিছ দিনা পুৱাৰ ভাগত এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সম্বৰ্দ্ধনা সভাত অঞ্চলটোৰ জেষ্ঠ সমাজ কৰ্মী মানিক তাঁ‌তিয়ে সভাপতিত্ব কৰা সভাত অঞ্চলটোৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তি সম্বৰ্দ্ধনা জনাই। উদযাপন সমিতিৰ সভাপতি কাতিৰাম চাওঁৰা আৰু সম্পাদক ভদ্ৰেশ্বৰ পৰ্জাৰ নেতৃত্বত আৰু আটছা নেতা অৰুন গোৱালাৰ পৰিচালনাত আয়োজিত টুচু পূজাৰ উখল-মাখল পৰিৱেশত অঞ্চলটোৰ ভালে সংখ্যক সাংস্কৃতিক প্ৰেমী ৰাইজৰ লগতে মূঢ়াদল জিলা পৰিষদ সদস্য কিশোৰ দাহাল,উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সদস্যা কুমলিনা তপ্ন উপস্থিত থাকে। 

No comments