গণ বাৰ্তা বিশেষ,গোলাঘাট ,২৫ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অহা ৪ মাৰ্চত গো...
গণ বাৰ্তা বিশেষ,গোলাঘাট ,২৫ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অহা ৪ মাৰ্চত গোলাঘাটৰ বীৰংগণা সাধনী কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমছুৰ কেন্দ্ৰীয় সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে দুটাকৈ বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছে । সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত প্ৰদান কৰিব লগা বঁটাটি প্ৰবীণ সাংবাদিক , পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীক আৰু অন্যহাতে জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ সোৱৰণত বিশিষ্ট সমাজকৰ্মী ৰাজুমণি হুছেইনক বঁটা প্ৰদান কৰা হ'ব । সেইদিনা দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া বঁটা প্ৰদান অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে আমছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ইচাদ হুছেইনে ।
No comments