যমুনামুখৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰেজিয়া চুলতানা গণ বাৰ্তা, হোজাই,মোৰাঝাৰ ৯ ফেব্ৰুৱাৰী : ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু দু...
যমুনামুখৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰেজিয়া চুলতানা
গণ বাৰ্তা, হোজাই,মোৰাঝাৰ ৯ ফেব্ৰুৱাৰী : ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু দুটা মাহতকৈ কম দিন বাকী আছে । ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে ৯০ নং যমুনামুখ সমষ্টিতো বলিচে নিৰ্বাচনী গৰম বতাহ। সমষ্টিয়ে সমষ্টিয়ে বাজিছে ৰাজনৈতিক দল সমূহৰ নিৰ্বাচনীৰ ৰণডংকা। নিৰ্বাচনী প্ৰচাৰ অভিযানত পিছপৰি থকা নাই যমুনামুখৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকল। কংগ্ৰেছ নেত্ৰী তথা মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানাই সমষ্টিৰ পৰা টিকট পালে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ জয় প্ৰায় নিশ্চিত বুলি বিভিন্নজনে মত প্ৰকাশ কৰে ৷ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰেজিয়া চূলতানাৰ সমানে টিকট লাভৰ আশাত যমুনামুখৰ জ্যেষ্ট কংগ্ৰেছ নেতা বছিৰ লস্কৰ, মাহমুদ হুছেইন, যুৱ নেতা ৰেহান উদ্দিন আৰু নাসিৰ ফাৰুকী ৷ ইতিমধ্যে জ্যেষ্ট নেতা সকলে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ সৈতে সঘনাই যোগাযোগ অব্যাহত ৰাখিছে ৷ ৰেহান উদ্দিনেও কংগ্ৰেছৰ কৰ্মকতা সকলক লগত লৈ সমষ্টিত সভা সমিতি আৰম্ভ কৰি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ যমুনামুখ সমষ্টিত এইবাৰ আন এগৰাকী যোগ্য আৰু একমাত্ৰ মহিলা প্ৰাৰ্থী হিচাপে থিয় দিছে ৰেজিয়া চুলতানা ৷ ৰেজিয়া কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ আৰু টিকট পোৱাৰ আশাবাদী৷ ৰেজিয়া চুলানাক টিকত দিবলৈ সমষ্টিৰ সচেতন ভোটাৰ ৰাইজে কংগ্ৰেছৰ হাইকামাণ্ডৰ লগতে হোজাই জিলা কংগ্ৰেছক আহ্বান জনাব বুলি মন্তব্য কৰে ৷ ইপিনে, যমুনামুখৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী ৰেজিয়া চুলতানাৰ সৈতে সাংবাদিকৰ এক আছুতীয়া সাক্ষাৎকাৰত যমুনামুখ সমষ্টিত ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী কোন হ'ব ? বুলি সুধাত ৰেজিয়া চুলতানাই কয়- মহিলা হিচাপে মই নিজে প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ ৷ আজমল দুৰ্গ হিচাপে পৰিচিত যমুনামুখ কংগ্ৰেছৰ ভিতৰচ'ৰাত কিবা সংঘাত আছেনেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰত ৰেজিয়া চুলতানাই কয়- যমুনামুখৰ মানুহ সদায় কংগ্ৰেছমুখী কিন্তু যমুনামুখত কংগ্ৰেছ নেতৃত্বত অলপ ভূল আছে, সেই ভূল দূৰ হ'ব লাগে ৷ যদি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সমষ্টিলৈ সু দৃষ্টি দিয়ে, তেন্তে যমুনামুখ সমষ্টিটো এইবাৰ কংগ্ৰেছৰ দখলত থাকিব বুলি আশাবাদী ৰেজিয়া চুলতানা ৷ ৰেজিয়া চুলতানাক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আজমলে সমৰ্থন জনাব নে বুলি সুধাত তেওঁ কয় - মিত্ৰতা হলে আৰু মিত্ৰজোঁটৰ নেতৃত্বই চালে মিত্ৰজোঁটৰ প্ৰাৰ্থী যাকে প্ৰাৰ্থীত্ব দিয়া হওঁক নিশ্চিত বাবে জয়ী হ'ব আৰু মিত্ৰতা হ'লে আজমলে নিশ্চয় সমৰ্থন জনাব বুলি মন্তব্য কৰে ৷যদি মিত্ৰজোঁটৰ পৰা আজমল পৰিয়ালৰ প্ৰাৰ্থী হয়, তেন্তে আপুনি বা কংগ্ৰেছে কি কৰিব ? তেতিয়া ৰেজিয়া চুলতানাই কয়- আমি দলৰ নিৰ্দেশ মানি নিষ্টাৰে সহায় সহযোগ কৰি যাম বুলি মন্তব্য কৰে ৷ আজমল পৰিয়ালৰ প্ৰাৰ্থীক সমৰ্থন কৰিব নেকি ?হয়, মই সহাৰি জনাম, পাৰ্টিৰ নিৰ্দেশ মতে সহায় কৰিম ৷ AIUDF ৰ সৈতে মিত্ৰতা হ'লে কংগ্ৰেছক এই সমষ্টিখন আজমলে এৰি দিব বুলি ভাবে নেকি ? আজমলে এৰি দিব বুলি নাভাবো, তথাপিও আমি চেষ্টা কৰিম সমষ্টি উদ্ধাৰ কৰিবলৈ ৷ যিহেতু AIUDF জন্মলগ্নৰে পৰা এই সমষ্টি দখল কৰি আছে, তেনে ক্ষেত্ৰত যদি আজমলে কংগ্ৰেছক এৰি নিদিয়ে তেন্তে কংগ্ৰেছে বিকল্প প্ৰাৰ্থী থিয় কৰাব নেকি ? এই বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে ৰেজিয়া চুলতানাই ৷ ইপিনে, ৰেজিয়া চুলতানাৰ এটা সাক্ষাৎকাৰ সোমবাৰে এটা ৱেৱ পৰ্টেলত ভূলকৈ তেখেতৰ পিতৃ চামছুল হক তালুকদাৰৰ ছবিৰে বাতৰি এটা প্ৰকাশ পোৱাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ পিছত ৰাতি সাংবাদিক গৰাকীৰ পৰা ৰেজিয়া চুলতানাই বিষয়টো জানিব বিচাৰত সেই সাংবাদিকজনে কয় - মই মাত্ৰ সাক্ষাৎকাৰটি লৈহে অফিচত পটিয়াইছো অফিচে পূৰ্বৰ ফটো ক'ত কেনেকৈ পালে মই সেই বিষয়ে জ্ঞাত নহয় বুলি কৈ দুখ প্ৰকাশ কৰে ৷ ৰেজিয়া চুলতানাক সমাজত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে যদি বাহিৰৰ পৰা কোনোবাই টি আৰ পি লবলৈ পিতৃৰ পুৰনি ফটোৰে বাতৰি পৰিৱেশন কৰিছে,তাৰ বাবে ইয়াৰ সাংবাদিক গৰাকী দায়ী নহয় বুলি মন্তব্য বিভিন্নজনে মন্তব্য কৰে ৷ উল্লেখ্য যে, যমুনামুখত আজমলৰ এআইইউডিঅফৰ পৰা প্ৰাৰ্থী দিয়া হয় নে কংগ্ৰেছৰ পৰা দিয়া হয়,সেয়া অনাগত সময়ত লক্ষনীয় হ'ব ৷ মুঠতে এইবেলি যমুনামুখ সমষ্টিৰ নিৰ্বাচনী যুঁজখন অতি আকৰ্ষনীয় হ'ব ৷ কোন দলৰ পৰা কোনে প্ৰাৰ্থীত্ব লাভ কৰে সেয়া আৰু কেইদনমান পিছত স্পষ্ট হ'ব ৷
No comments