Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ ৰাজাবাৰীত পুনৰ মৃত্যু দূতৰ ৰূপত ট্ৰাক; শোকাবহ পথ দূৰ্ঘটনাত এজন নিহত

গণবাৰ্তা, চিনামৰা, ১৫ ফেব্ৰুৱাৰী: দক্ষিণ যোৰহাটৰ ৰজাবাৰীত আজি সন্ধিয়া প্ৰায় ৫-৪৫ বজাত চিনামৰাৰ পৰা যোৰহাট নগৰ অভিমুখী AS03N 3754 নম্বৰৰ এখন ...


গণবাৰ্তা, চিনামৰা, ১৫ ফেব্ৰুৱাৰী: দক্ষিণ যোৰহাটৰ ৰজাবাৰীত আজি সন্ধিয়া প্ৰায় ৫-৪৫ বজাত চিনামৰাৰ পৰা যোৰহাট নগৰ অভিমুখী AS03N 3754 নম্বৰৰ এখন স্কুটিক একে দিশত গৈ থকা এখন তীব্ৰবেগী অচিনাক্ত ট্ৰাকে মহটিয়াই থৈ পলায়ন কৰে৷ উক্ত ঘটনাত স্কুটিখনৰ আৰোহী চিনামৰাৰ বাঘধৰা অঞ্চলৰ প্ৰয়াত পদ্মেশ্বৰ বকলিয়ালৰ কনিষ্ঠ পুত্ৰ হেমন্ত বকলিয়ালৰ (২৭) ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে স্কুটিখনৰ আৰোহী আন এজন যুৱক তথা চিনামৰাৰে সদৰ অঞ্চলৰ প্ৰয়াত আনন্দ বৰুৱাৰ পুত্ৰ অজয় বৰুৱা (২৬) গুৰুতৰভাৱে আহত হয়৷ ঘটনাটো সংঘটিত কৰিয়েই আন্ধাৰৰ সুবিধা লৈ ট্ৰাকখনে পলায়ন কৰে৷ অন্যহাতে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা যোৰহাট যানবাহন আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত নিহত হোৱা যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে আৰু আহত যুৱকজনক চিকিৎসাৰ বাবে লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ নিহত হেমন্তই মাতৃৰ উপৰি এজন ককায়েক আৰু নৱৌয়েকক এৰি থৈ গৈছে৷ উল্লেখ্য যে উক্ত অঞ্চলত ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত ট্ৰাকৰ খুন্দাত কেইবাজনো ব্যক্তিৰ কৰুণভাৱে মৃত্যু হৈছে৷

No comments