Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছয়গাঁৱত ৰাজ্যিক মন্ত্ৰী যোগেন মোহনৰ ছয়গাঁও বজাৰৰ উন্নয়নৰ আধাৰশিলা স্থাপন

গণ বাৰ্তা,  ছয়গাঁও , ১৯ ফেব্ৰুৱাৰী : বিগত দূৰ্গা পূজাৰ সময়তে ছয়গাঁও বজাৰৰ উন্নীতকৰণৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি বিধায়ক ৰেকিবুদ্দিন আহমেদে...


গণ বাৰ্তা,  ছয়গাঁও , ১৯ ফেব্ৰুৱাৰী : বিগত দূৰ্গা পূজাৰ সময়তে ছয়গাঁও বজাৰৰ উন্নীতকৰণৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি বিধায়ক ৰেকিবুদ্দিন আহমেদে কৰা ঘোষণা আজি বাস্তবায়িত হ'ল।   অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন (স্বতন্ত্ৰ) তথা লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মোহনে আজি ছয়গাঁও বজাৰ উন্নতি ও আধুনিকীকৰণৰ আধাৰশিলা স্থাপন কৰে । আগন্তুক ৯ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলগা ছয়গাঁও বজাৰ উন্নয়নৰ এই আঁচনিৰ বাবে এক কৌটি তেত্ৰিশ লাখ (১.৩৩ লাখ ) টকা ধাৰ্য্য কৰিছে। বিশ্ব বেংকৰ সাহায্য পুজিৰ অধীনত ২০২০-২১ৰ এপাৰ্ট (APART) প্ৰকল্পৰ অনুমোদিত ছয়গাঁও বজাৰ উন্নয়নৰ এই আধাৰশিলা স্থাপনত মন্ত্রী যোগেন মোহনৰ লগতে ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু অসম চৰকাৰৰ খাদী ও গ্ৰামোদ্যোগ বৰ্ডৰ অধ্যক্ষ কমলা কলিতা উপস্হিত থাকে । এই উপলক্ষে অনুষ্ঠিত  সভাত ভাষণ দি মন্ত্রী যোগেন মোহনে কয় যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্য চৰকাৰে ৰাজ্যৰ বজাৰ সমূহৰ উন্নয়নৰ কাম হাতত লৈছে ।কৃষক সকলে উৎপাদিত সামগ্ৰী বজাৰত সহজতে যাতে বিক্ৰী কৰিব পাৰে তাৰ বাবে চৰকাৰে বিভিন্ন আঁচনিহাতত লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে  কৃষক সকলৰ উন্নতি হলেহে ৰাজ্যৰ উন্নতি হব । আনহাতে, অসমৰ ১২৬ টা সমষ্টিৰ সম উন্নয়ন হলেহে অসমৰ উন্নতি হব বুলিও তেওঁ কয় । সভাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে আজিৰ এই বজাৰৰ আধাৰ শিলা স্থাপনৰ জৰিয়তে ছয়গাঁও বাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হল । বিধায়ক গৰাকীয়ে উকিয়াম বজাৰ, চাম্পুপাৰা বজাৰ আৰু গৰৈমাৰী বজাৰৰ উন্নয়নৰ ব্যৱস্থা পৰ্যায়ক্ৰমে হাতত লোৱা বুলিও মন্তব্য কৰে । তদুপৰি ছয়গাঁও সমষ্টিৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিৰ কথা ও সভাত জানিব দিয়ে । সভাত অসম চৰকাৰৰ খাদী আৰু গ্ৰামদ্যোগ বৰ্ডৰ অধ্যক্ষ কমলা কলিতাৰ উপৰিও লোক নিৰ্মাণ বিভাগৰ মূখ্য অভিযন্তা পৱন তেৰাঙেও ভাষণ দিয়ে।

No comments