Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰী চিভিল হস্পিতালত ১০ খনকৈ হুইল চেয়াৰ সাহায্য আজমল ফাউণ্ডেচনৰ

গণ বাৰ্তা বিশেষ ধুবুৰী, ২০ ফেব্ৰুৱাৰী: আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলে  কালি তৎকালীনভাৱে ধুবুৰী চিভিল হস্পিতালত ১০ খ...


গণ বাৰ্তা বিশেষ ধুবুৰী, ২০ ফেব্ৰুৱাৰী: আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলে  কালি তৎকালীনভাৱে ধুবুৰী চিভিল হস্পিতালত ১০ খন হুইল চেয়াৰ সাহায্য কৰি দীৰ্ঘদিন ধৰি কষ্ট কৰি থকা ৰোগীৰ অভাৱ দূৰ কৰি এক সুস্থিৰ বাট মুকলি কৰি দিয়ে। তেওঁ নিজ হাতেৰে হস্পিতাল কৰ্তৃপক্ষক হুইল চেয়াৰ সমূহ চমযাই দিয়ে  ৷  কালি এই উপলক্ষে আয়োজন কৰা বিতৰণী অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক  সঙ্গ দিয়ে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ  লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৷ এই দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাৰ বাবে  ধুবুৰীবাসী ৰাইজৰ লগতে শিক্ষিত সমাজে  মৌলানা বদৰুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে৷

No comments