Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰবড়ী গাঁওত পথৰ শুভাৰম্ভণি অনুষ্ঠানত বিধায়ক আব্দুল কালাম আজাদ

সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ ফেব্ৰুৱাৰীঃ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বৰবড়ী গাঁওৰ এটি পথৰ শুভাৰম্ভণি অনুষ্ঠানত আজি ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ ...


সঞ্জীৱ দাস, ভৱানীপুৰ, ৯ ফেব্ৰুৱাৰীঃ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বৰবড়ী গাঁওৰ এটি পথৰ শুভাৰম্ভণি অনুষ্ঠানত আজি ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল কালাম আজাদ উপস্থিত হৈ পথটোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। লোক নিৰ্মাণ বিভাগৰ মঞ্জুৰিপ্ৰাপ্ত এচ পি ও ডি- জিৰ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ অধীনত বৰবড়ী জামে মছজিদৰ পৰা ঈদগাহ ময়দানলৈ যোৱা পথটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে। পথটোৰ শুভাৰম্ভণি কৰি সাংবাদিকে সোধা ৰাজনৈতিক প্ৰশ্নৰ উত্তৰত ''যোৱা দহ বছৰে ৰাইজৰ আশীৰ্বাদত বিধায়ক হিচাপে অধিস্থিত আছো আৰু আগন্তুক বিধানসভা নিৰ্বাচনতো ৰাইজে যদি বিচাৰে নিশ্চয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াম" বুলি মন্তব্য আগবঢ়ায় বিধায়ক আব্দুল কালাম আজাদে। উল্লেখ্য যে, আজি এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বৰবড়ী জামে  মছজিদৰ সভাপতি-সম্পাদক ছিদ্দিক আলী, হাইজুল আলী, বৰবড়ী জামে মছজিদৰ ইমামটি  আলহাজ, জমচেৰ আলী, আল হাজ কুটুম আলী, সমাজ কৰ্মী দাদুল আহমেদৰ লগতে PWD  Deperment-ৰ বিষয়া, কৰ্মচাৰীসকল।

No comments