Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱত বিহুগীত "চাকৈ চকোৱা" মুকলি

গণবাৰ্তা বিশেষ দেৰগাঁও, ১ ফেব্ৰুৱাৰীঃ  দেৰগাঁও সাহিত্য সভা ভৱনত ৩১ জানুৱাৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কন্ঠ শিল্পী বিপুল চেতীয়া ফুকনৰ এটি ...


গণবাৰ্তা বিশেষ দেৰগাঁও, ১ ফেব্ৰুৱাৰীঃ দেৰগাঁও সাহিত্য সভা ভৱনত ৩১ জানুৱাৰীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কন্ঠ শিল্পী বিপুল চেতীয়া ফুকনৰ এটি নতুন বিহুগীত ' চাকৈ চকোৱা' উন্মোচন কৰা হয়। সেই উপলক্ষে  গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সমাজপ্ৰাণ অতুল গোস্বামীয়ে। সংগীত শিল্পী ৱাজিদুৰ ৰহমানে আঁত ধৰা উন্মোচনী অনুষ্ঠানটিত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী আৰু সাংবাদিক দীপক শইকীয়াই শুভেচ্ছা মূলক ভাষন প্ৰদান কৰে। দেৰগাঁও সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্ত, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা, সম্পাদক ইন্দুভূষণমহন্ত, সাংবাদিক, ভাস্কৰ বৰদলৈ,কুমুদ বৰা, বিজয় হাজৰিকা,আহমেদ হুছেইন আদি ব্যক্তি সকলৰ উপৰি অংকুৰ শৰ্মা, জয়ন্ত জিন ফুকন, ৰাতুল ৰাজ, ৰবিন গগৈকে ধৰি বহু কেইজন সাংস্কৃতিক কৰ্মী উপস্থিত থকা অনুষ্ঠানটিত শিল্পী বিপুল চেতীয়া ফুকন, অভিনেতা শ্ৰীমন্ত মাধৱ দত্ত, হিমাংকু গগৈ, শ্ৰেয়াশ্ৰী বৰা, পুজাশ্ৰী বৰা প্ৰমুখ্যে কলা কুশলী সকলো উপস্থিত থাকে।আৰিয়ান প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত যুৱ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী দীপক হাজৰিকাই প্ৰযোজনা কৰা বিপুল চেতীয়া ফুকন আৰু নয়নমনিয়ে কন্ঠ নিগৰোৱা চাকৈ চকোৱাৰ ভিডিঅ' পৰিচালনা কৰিছে প্ৰৱালদ্বীপ শৰ্মা আৰু নৱজ্যোতি ভৰালীয়ে। খাটি বিহু  সুৰেৰে সমৃদ্ধ চাকৈ চকোৱা উপলব্ধ হ ব ডিজিটেল মাধ্যমত।এই চাকৈ চকোৱাক সকলোৱে আদৰি লব বুলি আশাবাদী কলা-কুশলী সকল।

No comments