Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুৰন্ত তৰুণৰ অবিৰত যাত্ৰা, লক্ষ্য-সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক উচাহ প্ৰদান

গণ বাৰ্তা, চাবুৱা, ২৭ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰত অৱস্থিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ উপৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলক উচাহ আৰু ...


গণ বাৰ্তা, চাবুৱা, ২৭ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰত অৱস্থিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ উপৰি সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলক উচাহ আৰু প্ৰেৰণা যোগাবলৈ দেশৰ পশ্চিম প্ৰান্তৰ পৰা পূৱ প্ৰান্তৰলৈ সৰ্বমূঠ ৪০০০ হেজাৰ কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰাৰ এক লক্ষ্য বুকত বান্ধি লোৱা ষাঠিদ্ধোৰ পাঁচজনকৈ দুৰন্ত  ব্যক্তিয়ে এমাহৰ পিছত আজি চাবুৱাত ভৰি দিয়েহি। দেশৰ ৭২ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনা মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলৰ ব্যক্তি ক্ৰমে ৰমাকান্ত মাৰিগ, অনন্ত দৌৰে, ৰাজেন্দ্ৰ ধাইগড়ে, গিৰিশ চাৰপুটকাৰ আৰু ৰামেশ্বৰ ভগতে এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিল ভাৰত-পাকিস্তান সীমা তথা গুজৰাটৰ কাটেশ্বৰ পৰা। লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰায় ৪০ দিন সময় নিৰ্ধাৰণ কৰি লোৱা দুৰন্ত তৰুণ কেইজনে অৰুণাচল প্ৰদেশৰ কিবিথুত উপস্থিত হবগৈ বুলি এই প্ৰতিবেদকক জনাইছে।

No comments