টকিঅ',১৯ ফেব্ৰুৱাৰী: জাপানৰ নেতা আৰু প্ৰাক্তন এথলিট ছীক হাচিমোট'ক টকিঅ' অলিম্পিক ২০২০ৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন কৰা হৈছে। ইয়াৰ ...
টকিঅ',১৯ ফেব্ৰুৱাৰী: জাপানৰ নেতা আৰু প্ৰাক্তন এথলিট ছীক হাচিমোট'ক টকিঅ' অলিম্পিক ২০২০ৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন কৰা হৈছে। ইয়াৰ পূৰ্বে এই পদত থকা য়োচিৰো মোৰীও সাতবাৰ চাইকেলিষ্টৰূপে অলিম্পিক অংশ লৈছিল। মোৰীয়ে নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে তীব্র সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে অধ্যক্ষ পদ ত্যাগ কৰিব লগা হৈছিল। তেওঁ কৈছিল মহিলাই বহু কথা কয়। তেওঁৰ এই বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ অধ্যক্ষ পদ এৰিব লগা হোৱাত ৮০ বছৰীয়া এজন পুৰুষক এই পদৰ বাবে নিৰ্বাচন কৰাৰ যো-জা চলি আছিল যদিও তেওঁক লৈও বিতৰ্কৰ সৃষ্টি হয়। শেষত ছীক হাচিমোট'ক এই পদৰ বাবে নিৰ্বাচন কৰা হয়। জাপানৰ অলিম্পিক কমিটি বৰ্ডত বৰ্তমান ২৪ জন সদস্য আছে, য'ত মহিলা কেৱল পাঁচগৰাকী আছে। য়োচিৰো মোৰীয়ে ইয়াৰ পূৰ্বে কৈছিল যে বৰ্ডত যদি মহিলাৰ সংখ্যা বৃদ্ধি পায় তেন্তে কথা কবলৈ দিয়া সময় সীমিত কৰা হ'ব। কিয়নো তেওঁ নিজৰ বক্তব্য সম্পূৰ্ণ কৰিবলৈ কিছু অসুবিধা হয়, যিটো বহু চিন্তনীয়। মোৰীয়ে নিজৰ এই বক্তব্যৰ পিছত ক্ষমা বিচাৰিছিল। আনহাতে ছীক হাচিমোট'কে বৃহস্পতিবাৰে কয় যে তেওঁ অলিম্পিক মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে, যাতে টকিঅ' ক্ৰীড়াত অধ্যক্ষৰূপে নিজৰ দায়িত্ব সম্পূৰ্ণ কৰিব পাৰি। উল্লেখ্য যে কোৰোনা মহামাৰীৰ বাবে এবছৰ পলমকৈ গ্ৰীষ্মকালীন অলিম্পিক আগন্তুক ২৫ জুলাইৰ পৰা আৰম্ভ হ'ব।
No comments