Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিফুত খাদ্যত বিষক্ৰিয়াহৈ ডেৰ শতাধিক লোক গুৰতৰভাবে অসুস্থ; বকলীয়াঘাটত এজনৰ মৃত্যু

গণবাৰ্তা বিশেষ,ডিফু, ৩ ফেব্ৰুৱাৰীঃমঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভনি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহাা ডেৰশতাধিক লো...


গণবাৰ্তা বিশেষ,ডিফু, ৩ ফেব্ৰুৱাৰীঃমঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভনি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহাা ডেৰশতাধিক লোকৰ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰাৰ বিপৰীতে এজনৰ মৃত্যু হৈছে৷ এইলৈ সমগ্ৰ কাৰবি আংলঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ গভীৰ নিশালৈকে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ আৰ্তনাদ৷ দিনৰ ভাগত চিকিৎসা মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুণাৰ পিছত আয়োজকে পৰিবেশন কৰা পেকেট বিৰিয়ানী খাই অসুস্থ হৈ পৰিছিল শতাধিক লোক ৷ নিশা চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰৰ নেতৃত্বত চিকিৎসা কৰ্মী সকলে অতি তৎপৰতাৰে ৰোগী সকলক চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হয় ৷ ৰোগী সকলে ঘনাই বমি আৰু শৌচ কৰাৰ লগত তীব্ৰ পেটৰ বিষত ভোগাও দেখা যায় ৷ নিশা চিকিৎসা মহাবিদ্যালয়খনত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা উপস্থিত হৈ ৰোগী সকলৰ বুজ লয় ৷  তেও সাংবাদিক সকলক জনোৱা অনুসৰি প্ৰায় শতাধিক ৰোগী এই বিষ ক্ৰিয়াত আক্ৰান্ত হৈছে ৷ইয়াৰ ভিতৰত কুৰিৰো অধিক শিশু ৰোগী আছে ৷ কোনে এই বিষাক্ত খাদ্য পৰিবেশন কৰিছিল জানিব পৰা হোৱা নাই যদিও উপায়ুক্ত গৰাকীয়ে এইলৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব বুলি জনাইছে৷ জানিব পৰা মতে ডিফুত অনুষ্ঠিত কৰা এক অনুষ্ঠানৰ নিম্নমানৰ খাদ্য আনি সাধাৰণ দর্শকৰ মাজত বিতৰণ কৰা ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছে প্রতিক্রিয়াৰ। আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ আৰু খনিজ মন্ত্ৰী ছুম ৰংহাঙ চিতিৎসালয়ত উপস্থিত হৈ আক্ৰান্ত সকল স্বাস্থ্যৰ বুজলয় আৰু এই সন্দৰ্ভত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনায়  ৷কংগ্রেছ দলৰ কেইবাগৰাকী শীর্ষনেতায়াে আজি চিকিৎসালয়ত উপস্থিত হৈ আক্রান্ত লােকসকলৰ স্বাস্থ্যব বুজ লােৱাৰ লগতে এনে ঘটনাৰ তাৎক্ষণিক তদন্তৰ দাবী জনাইছে। বকলীয়াঘাটত এজনৰ মৃত্যু ঃ  বকলীয়াঘাট প্রাথমিক চিকিৎসালয় কর্তৃপক্ষই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আজি পুৱাৰে পৰা বিয়লি পর্যন্ত মুঠ ৩৫ জন বিষক্রিয়াত আক্রান্ত লােক চিকিৎসালয়ত ভর্তি হৈছে। ইয়াৰে দুটি শিশুৰ স্বাস্থ্যৰ অধিক অবনতি হােৱাৰ বাবে তেওঁলােকক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হয়। আনহাতে, বিষক্রিয়াত আক্রান্ত অন্য লােকসকলকো ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও দুজন লােক এতিয়াও চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে। আনহাতে, কালি উক্ত সভাত অংশগ্রহণ কৰি ঘৰলৈ ওভতি অহাৰ পিছত যােৱা নিশা অকস্মাতে এজন যুৱকৰ মৃত্যু হােৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্রাপ্ত তথ্য অনুসৰি, বকলীয়াঘাটৰ তেতেলীগুৰিৰ বাসিন্দা কাংবুৰা বে (৩৫) নামৰ লােকজন বিজেপি দলৰ পৃষ্ঠাপ্রমূখ হিচাপে দলৰ তৃণমূল পর্যায়ৰ কাম-কাজৰ সৈতে জড়িত আছিল। কালি ডিফুত অনুষ্ঠিত হােৱাৰ সভাত অংশ লৈ সন্ধিয়া ঘৰলৈ ওভতি অহাৰ পিছতে যুবকজন গুৰুতৰভাবে অসূস্থ হৈ পৰে। নিশাৰ ভাগলৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত নিশাই যুবকজনৰ মৃত্যু হয়। শাৰীৰিকভাবে সম্পূর্ণ সবল-সুঠাম যুবকজনৰ  অস্বাভাৱিক মৃত্যুৰ ঘটনাই স্থানীয় লােকসকলক স্তম্তিত কৰি তােলাৰ লগতে খাদ্যত হােৱা বিষক্রিয়াৰ ফলতে যুৱকজনৰ এনেদৰে মৃত্যু হােৱা বুলি পৰিয়ালব লােকে দাবী কৰিছে তদন্তত হে সকলো কথা পোহৰলৈ আহিব ৷ বকলীয়াঘাট থানাৰ আৰক্ষীৰ এটা দল লগে লগে যুবকজনৰ ঘৰত উপস্থিত হৈ মৃতদেহটোৰ মৰণােত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফুলৈ প্রেৰণ কৰিছে।

No comments