Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ব্যাৱসায়ীৰ সমস্যাৰ সম্বন্ধে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আলোচনা সম্পন্ন

মাইনু মৰাণ: ডুমডুমা, ২৫ ফেব্ৰুৱাৰী : ডুমডুমা চহৰখনৰ ব্যাৱসায়ীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে ডুমডুমা আৰক্ষী থানাৰ নতুনকৈ দায়ি...


মাইনু মৰাণ: ডুমডুমা, ২৫ ফেব্ৰুৱাৰী : ডুমডুমা চহৰখনৰ ব্যাৱসায়ীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে ডুমডুমা আৰক্ষী থানাৰ নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰা ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তই ইয়াৰ মাৰোৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত এখন সভাত তেওঁলোকৰ লগত মিলিত হয় । সভাখনত উপস্থিত থকা কেইবাগৰাকীও ব্যাৱসায়ীয়ে তেওঁলোকৰপৰা কিছুমান পাবত গজা সংগঠনে জোৰ-জুলুমকৈ চান্দা সংগ্ৰহ কৰা বিষয়টো উথাপন কৰে । আৰক্ষী বিষয়াগৰাকীয়ে তেনে ক্ষেত্ৰত লগে লগে আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনায় আৰু  আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । সভাখনত কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰা হয় । প্ৰস্তাৱ যোগে ডুমডুমাৰ ভীষণ যান-যটৰ সমাধানৰ বাবে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকক আৰক্ষীৰ যানবাহন শাখা এটা ডুমডুমাত গঠন কৰিবলৈ নাইবা বৰ্তমানৰ সংখ্যা বৃদ্ধি কৰিবলৈ, যান-যটৰ সমস্যা সমাধানৰ কাৰণত ডুমডুমা চহৰৰ মাজত ডিব্ৰু নৈৰ ওপৰত পুৰণা ট্ৰাঙ্কৰোডত থকা দলংখনৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই সম্পূৰ্ণ কৰিবলৈ, চহৰখনৰ ফুটপাথসমূহৰ বেদখল ব্যাৱসায়ীসকলে স্বেচ্ছাই খালী কৰি দিবলৈ, মঙ্গলবৰীয়া বজাৰখন নগৰখনৰ মাজৰপৰা সুবিধাজনক বিকল্প স্থানলৈ স্থানান্তৰিত কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয় । সভাখনত ব্যাৱসায়ী সন্থাৰ সভাপতি চন্দন বাগ, উপ সভাপতি প্ৰিন্স জয়ছোৱাল, কিষনলাল পাৰিক, সাংবাদিক দীনেশ গোয়েল, সমাজকৰ্মী অৰ্জুন বৰুৱা, ব্যাৱসায়ী দিলীপ প্ৰসাদ আদিয়ে বক্তব্য প্রদান কৰে আৰু সমস্যাবোৰ সমাধানৰ সম্পৰ্কত কিছু পৰামৰ্শ আগবঢ়ায় ।

No comments