গণবাৰ্তা ডবকা, ২৫ ফেব্ৰুৱাৰী :হোজাই জিলাৰ ডবকা 36 নং ৰাষ্ট্ৰীয় ঘাইপথ ডিফু ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্য...
গণবাৰ্তা ডবকা, ২৫ ফেব্ৰুৱাৰী :হোজাই জিলাৰ ডবকা 36 নং ৰাষ্ট্ৰীয় ঘাইপথ ডিফু ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ নাম জিতেন্দ্ৰ বুলি জানিব পৰা গৈছে। দুপৰীয়াৰ ভাগত সংঘটিত হয় দুৰ্ঘটনাটো ৷কাৰ্বি আংলত অমিত শ্বাহৰ সভালৈ যোৱা এখন আল্ট্ৰা বাছৰ খুন্দাত জিতেন্দ্ৰৰ থিতাতে মৃত্যু হৈছে বুলি প্ৰতক্ষ্য দৰ্শীয়ে জানিবলৈ দিয়ে। মৃত্যু হোৱা যুৱকজনৰ ঘাৰ বৈঠালাংচুত বুলি জানিব পৰা গৈছে ৷জিতেন্দ্ৰও অমিত শ্বাহৰ সভালৈ গৈ আছিল যদিও ডবকাত এটা হোটেলত চাহ খাই ৰাস্তা পাৰ হওঁতেই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পলায়ন কৰে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
No comments