Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আৰম্ভ কৰিছে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ মৃত্যুৰ তদন্ত

মিন্টু তালুকদাৰ, গণৰ্বাতা, কাকপথাৰ ৩ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলা তথা কাকপথাৰৰ জেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা...


মিন্টু তালুকদাৰ, গণৰ্বাতা, কাকপথাৰ ৩ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলা তথা কাকপথাৰৰ জেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হোৱা তিনিমাহত ভৰি দিলে যদিও ঘটনাৰ তদন্তৰ গতি বিশেষ লাভ কৰা নাই ৷ ৰাজ্য চৰকাৰে ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰিছিল যদিও গেঠেলা মাৰিলে চি আই ডিৰ তদন্ত ৷ অৱশেষত দিল্লীৰ এজন সাংবাদিকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কৰা এক গোচৰৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আৰম্ভ কৰিছে ৰহস্যজনক দূৰ্ঘটনাটোত মৃত্যু হোৱা সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ আচল ৰহস্য ৷ মানৱ অধিকাৰ আয়োগৰ তদন্ত তিনিচুকীয়া জিলাৰ এগৰাকী অতিৰিক্ত দণ্ডাদিশৰ জৰিড়তে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷ এখন দৈনিক অসমীয়া বাতৰি কাকত আৰু এখন দৈনিক ইংৰাজী বাতৰি কাকতৰ ৰাজহুৱা জাননি জাৰি কৰি যোৱা ১ ফেব্ৰুৱাৰীত কাকপথাৰ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত সদাশয় ব্যক্তিৰ পৰা মতামত গ্ৰহণ কৰে ৷ তিনিচুকীয়াৰ কাৰ্যবাহী দণ্ডাদিশ অপৰূপা বৰগোঁহাই নেতৃত্বত এটি দলে প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পত্নী প্ৰিন্সমণি ভূঞা, মাতৃ কনকলতা ভূঞা, কাকপথাৰ আৰক্ষী, প্ৰতিবেশী মন ডেকা, দুৰ্ঘটনাৰ সময়ত লগত থকা সাংবাদিক দেৱকান্ত বৰুৱাকে ধৰি বহুজনৰ মতামত গ্ৰহণ কৰে দলটোৱে ৷ পুৱা ১১বজাৰ পৰা আবেলি ৩বজালৈ মতামত গ্ৰহণ কৰি  মানৱ অধিকাৰ আয়োগৰ হৈ  তদন্ত আৰম্ভ কৰে দণ্ডাদিশ পৰ্যায়ৰ দলটোৱে ৷ দণ্ডাদিশ অপৰূপা বৰগোহাঁইক ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া ৫দিনৰ পিছতেই ঘটনাৰ ক্ষীপ্ৰ গতিত তদন্ত আৰম্ভ কৰিছে দণ্ডাদিশ গৰাকীয়ে ৷ ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্ত চি আই ডিক প্ৰদান কৰিছিল যদিও বিগত তিনিমাহে গেঠেলা মৰা তদন্তৰ গতি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা আৰম্ভ কৰা সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ মৃত্যৰ তদন্তৰ গতি কোন দিশে গতি কৰে সেইয়া সময়তহে স্পৰ্ষ্ট হ'ব ৷

No comments