Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মোৰাঝাৰ আৰক্ষীৰ অভিযানত নিশা ট্ৰাকসহ ৪৫০ কেজি গাঞ্জা জব্দ; আটক দুজন৷

মাহমুদ আলী, নীলবাগান, ১৯ ফেব্ৰুৱাৰী:  হোজাই জিলাৰ মোৰাঝাৰৰ পৰা যোৱানিশা মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হ...


মাহমুদ আলী, নীলবাগান, ১৯ ফেব্ৰুৱাৰী: হোজাই জিলাৰ মোৰাঝাৰৰ পৰা যোৱানিশা মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷লগতে আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী ট্ৰাকৰ চালকসহ আন এজনক আটক কৰে৷এই সন্দৰ্ভত হোজাই জিলা উপ আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে জানিবলৈ দিয়া মতে যোৱা নিশা এক গোপন সুত্ৰৰ পৰা মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৱে খৱৰ লাভ কৰে যে দুখন ট্ৰাকেৰে বৃহৎ পৰিমানৰ গাঞ্জা সৰবৰাহ কৰা হব৷এই খৱৰ লাভ কৰি আৰক্ষীৰ এটা দলৰ সৈতে কবিৰ সিং লিম্বুৱে অভিযান আৰম্ভ কৰে৷ আৰক্ষীয়ে অভিযান চলাই মোৰাঝাৰৰ পৰা সন্দেহজনকভাৱে গৈ থকা অৱস্থাত দুখন ট্ৰাক আগভেটি ধৰি ট্ৰাক দুখন থানালৈ লৈ যায়৷তাৰ পিছত ট্ৰাক দুখন বহু পৰীক্ষা কৰি চালকক সোধপোছ কৰোতে উলাই পৰে উৰহী গছৰ ওৰ৷

ইয়াৰেএখন ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমানৰ গাঞ্জা৷ট্ৰাকৰ চালকজনে ট্ৰাকত গোপনভাৱে নিৰ্মাণ কৰা এটি কোঠাৰ পৰা উলিয়াই দিয়ে গাঞ্জাখিনি৷ গাঞ্জা সৰবৰাহকাৰীসকলে ট্ৰাকত চালকৰ আসনৰ পাছফালে অতি গোপনভাৱে এটি কোঠা নিৰ্মাণ কৰি তাত মজুত কৰি ৰাখিছিল ৪৫০ কেজি গাঞ্জা৷ এন এল ০১ এ ২৮৯২ নম্বৰৰ পৰা উদ্ধাৰ হয় গাঞ্জাখিনি৷আৰক্ষীয়ে উদ্ধাৰ কৰা ৩৭ টা গাঞ্জাৰ পেকেটত আছিল ৪৬০ কেজি গাঞ্জা৷ ইয়াৰ আন্তৰাষ্টীয় বজাৰ মূল্য প্ৰায় ১৬ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে৷ঘটনা সংক্ৰান্তত আৰক্ষীয়ে চালকসহ আন এজনক আটক কৰিছে৷ মোৰাঝাৰ আৰক্ষীৰ এই বৃহৎ সফলতাক প্ৰশংসা কৰিছে সচেতন মহলে৷

No comments