Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত নৱনির্মিত ৰাজহুৱা শৌচালয়ৰ শুভ উদ্ধোধন,, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

 ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৭ ফেব্ৰুৱাৰী :   যোৰহাট নগৰৰ অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত  জানকী দেৱী ট্ৰাষ্টৰ উদ্যোগত বিশিষ্ট সমাজ কৰ্মী আনন্দ আগ...


 ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৭ ফেব্ৰুৱাৰী :   যোৰহাট নগৰৰ অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত  জানকী দেৱী ট্ৰাষ্টৰ উদ্যোগত বিশিষ্ট সমাজ কৰ্মী আনন্দ আগৰৱালাই   ৰাইজৰ  সুবিধাৰ বাবে নিৰ্মাণ কৰা ৰাজহুৱা শৌচালয়টো আজি অনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । তেওঁৰ লগত সংগ দিয়ে বিশিষ্টা সমাজ সেৱীকা মল্লিকা ৰহমানে ।  উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়াই বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে সমাজ কৰ্মী যুগল কিশোৰ আগৰৱালা , সমাজ সেৱীকা মল্লিকা ৰহমানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে । উক্ত শৌচালয় উদ্ধোধনী অনুষ্ঠানত যোৰহাট বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে বিচনলাল আগৱালাৰ  পৰিয়ালৰ হৈ সমাজ সেৱক আনন্দ আগৰৱালাই ইতিমধ্যে যোৰহাটৰ পি ডব্লিউ ডি চাৰিআলিৰ সমীপটো বিগত সময়ত এটা অত্যাধুনিক শৌচালয় নিৰ্মাণ কৰিছিল । এই দুটা শৌচালয়ত যি পানী ব্যৱহাৰৰ কৰা হৈছে  সেই পানী ফিল্টাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে । একেবাৰে সুলভ মূল্যত ২ টকা আৰু ৫ টকাত এই শৌচালয়টো ৰাইজে ব্যৱহাৰ কৰিব পাৰিব বুলি বিধায়ক গৰাকীয়ে উল্লেখ  কৰে ।  আৰক্ষী ,সংবাদকৰ্মী, দিব্যাংগ সকলক ৰেহাই দিয়া হৈছে । আজি উদ্ধোধন হোৱা এই শৌচালয়টোত দিব্যাংগ সকলৰ বাবে বিশেষ ব্যৱস্থা কৰা আৰু হুইল শ্বেয়াৰ ব্যৱস্থাও কৰাও হৈছে । আনন্দ আগৰৱালাৰ এই কাৰ্য্যক অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাটৰ বিধায়িক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আদৰণি জনাই তেওঁৰ বক্তব্যত উল্লেখ কৰে যে যোৰহাটত ভাল কাম কৰিবলৈ বেয়া । বহু লোকে বেয়া পায় । একাংশ দল সংগঠনে সমালোচনা কৰে । এই শৌচালয়টোৰ পৰা নিশা চুপাৰত অহা যাত্ৰীসকলৰ লগতে যোৰহাটৰ ৰাইজৰ বহু সুবিধা হব বুলি উল্লেখ কৰে । এইটো যোৰহাটৰ এক সম্পদ হয় । এই শৌচালয়টোৰ ব্যৱহাৰ কৰোঁতে যি খৰছ হব সেই খৰছ আনন্দ আগৰৱালাৰ  ট্ৰাষ্টৰ ফালৰ পৰা বহন কৰা হব বুলি উল্লেখ কৰে । যোৰহাটৰ আই এছ বিটিত আৰু নগৰৰ টুকুলাই দলঙৰ সমীপতো এনেকুৱা শৌচালয় নিৰ্মান কৰিব বুলি আনন্দ আগৱালাই উল্লেখ কৰে ।

No comments