Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগদ ২৭ হাজাৰ টকাসহ পাঁচজনকৈ ডকাইত গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ

বাবু মনি শৰ্মা, মৰিগাঁও,২০ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই পাঁচজনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ...


বাবু মনি শৰ্মা,
মৰিগাঁও,২০ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই পাঁচজনকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও আৰক্ষীয়ে অতি কৌশলে মৈৰাবাৰী অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা ডকাইতৰ দলটোৱে  মৰিগাঁও জিলাৰ জালুগুটি অঞ্চলৰ সাতগাঁৱত যোৱা ১৫ ফেব্ৰুৱাৰীত নিশা নিৰৱ দাস নামৰ লোকজনৰ ঘৰত ভয়ংকৰ ডকাইটি কাণ্ড সংঘটিত কৰি নগদ ধনসহ সোণৰ অলংকাৰ লৈ উধাও হৈছিল। গ্ৰেপ্তাৰ হোৱা ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে ইতিমধ্যে নগদ ২৭ হাজাৰ টকা উদ্ধাৰ কৰিছে। ডকাইতৰ দলটোৱে লুটপাত কৰা সোণৰ অলংকাৰ খিনি নগাঁৱৰ এখন গহনা দোকানত বিক্ৰী কৰা স্বীকাৰোক্তি আৰক্ষীক দিয়ে বুলি মৰিগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত জালুগুটি অঞ্চলৰ সাতগাঁৱত যোৱা ১৫ ফেব্ৰুৱাৰীত প্ৰায় ১-৩০ বজাত  নিৰৱ দাস নামৰ লোকজনৰ ঘৰত প্ৰথমে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ৫ জনীয়া এটা ডকাইতৰ দলে ৷ ডকাইতৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই নিৰব দাসৰ পত্নীৰ লগতে চাৰিগৰাকীকৈ কণ্যাক এটা কোঠাত হাত- ভৰি বান্ধি মাৰনাস্ত্ৰ দেখুৱাই নগদ ২৭হাজাৰ টকা সহ সোণৰ অলংকাৰ লুটপাত কৰে৷  ডকাইতৰ দলটোৱে নিশা ১-৩০ বজাৰ পৰা পুৱা ৩ বজালৈকে ডকাইটি কাণ্ড চলাই ডকাইতৰ দলটো উধাও হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ইপিনে, ডকাইতৰ দলটোক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে।

No comments