Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পঞ্চ ছহীদৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে, ২৭ বছৰীয়া আদ্যশ্ৰাদ্ধত পঞ্চ ছহীদ পৰিয়ালে উজাৰিলে ক্ষোভ৷

'গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ ছহীদৰ কথা পাহৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ ১৯৯৪ চনৰ ২২ ফেব্...


'গন বাৰ্তা, মাৰ্ঘেৰিটা, ২৩ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ ছহীদৰ কথা পাহৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰীত আলফা দমনৰ নামত ভাৰতীয় সেনা বাহিনীয়ে ডাঙৰীত নিশা শোৱা পাটিৰ পৰা উঠাই নি ৫ জনকৈ নিৰিহ তেজাল অসমীয়া যুৱকক নৃশংসভাবে হত্যা কৰিছিল৷ সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ আসনত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  তিনিচুকীয়া জিলাৰ ডাঙৰীত পঞ্চ ছহীদৰ সমাধিস্থলীত উপস্থিত হৈ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে ৫ গৰাকীকৈ নিৰিহ যুৱকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পঞ্চ ছহীদৰ হত্যাকাৰীয়ে শাস্তি আৰু ছহীদ পৰিয়ালক ন্যায় লাভ নকৰা পৰ্যন্ত ক্ষান্ত নহও বুলি ঘোষনা কৰিছিল৷ প্ৰাক্তন আছুনেতা তথা শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ নিৰবনিচিন্ন প্ৰচেষ্ঠাৰ অন্তত ২০১৮ চনত সুদীৰ্ঘ ২৪ টা বছৰৰ অন্তত আইনী প্ৰক্ৰিয়াৰ মাজেৰে পঞ্চ ছহীদৰ হত্যাকাৰীয়ে শাস্তি লাভ কৰিছিল৷ কিন্তু পঞ্চ ছহীদৰ পৰিয়ালবৰ্গই আজিও ন্যায় পাবলৈ সক্ষম নহল৷ একালৰ প্ৰৱল জাতীয়তাবাদী নেতা সৰ্বানন্দ সোনোৱালে ২০১৬ চনত গেৰুৱা চোলা পিন্ধি মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰাৰ পিছতে যেন পাহৰি গল ডাঙৰীৰ পঞ্চ ছহীদৰ কথা৷ পাহৰি গল পঞ্চ ছহীদৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিৰ কথা৷ সেনা সন্ত্ৰাসৰ নামত পিতৃ, স্বামী, ভাতৃ কিম্বা আপোনজনক হেৰুৱাৰ বেদনা বুকুত বান্ধি সিদীৰ্ঘ ২৭ টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিপৰ্যন্ত পঞ্চ ছহীদৰ পৰিয়ালে লাভ নকৰিলে ক্ষতিপূৰন৷  বিজেপি চৰকাৰৰ ম্যিথাচাৰ, প্ৰৱঞ্চনাত ক্ষুব্ধ হৈ পঞ্চ ছহীদৰ ২৭ বছৰীয়া আদ্যশ্ৰাদ্ধস্থলীত সকলোৱে একেমুখে ধিক্কাৰ জনালে বিজেপি চৰকাৰক৷ পঞ্চ ছহীদৰ পৰিয়ালবৰ্গই অশ্ৰুসিক্ত নয়নৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ৷ মন কৰিবলগীয়া যে, তিনিচুকীয়া জিলাৰ ধলা- ডাঙৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা পঞ্চ ছহীদৰ সমাধিস্থলীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ ডাঙৰী আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবছৰৰ দৰে আজিও আদ্যশ্ৰাদ্ধভাগি অনুষ্ঠিত কৰা হয়৷ শ্ৰাদ্ধস্থলীত এফালে ভকত বৈষ্ণৱে নাম প্ৰসংগৰে ছহীদৰ আত্মাৰ সদগতি কামনা কৰাৰ বিপৰীতে আছুৰ শতাধিক কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মিথ্যাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মহেশ্বৰ সোনোৱালে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, ২০১৬ চনত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত ২০১৭ চনৰ ২ অক্টোবৰত বিধান সভাৰ মজিয়াত পঞ্চ ছহীদৰ পৰিয়াল আৰু ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰাত মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰাৰ লগতে শাসনৰ ৫ টা বছৰৰ ভিতৰত পঞ্চ ছহীদৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰা হব বুলি মতপোষন কৰিছিল৷ ২০১৮ চনত সেনাৰ আদালতে উক্ত ৫ গৰাকী যুৱকক নিৰ্দোষী বুলি ঘোষনা কৰাৰ পিছতো কিন্ত সৰ্বানন্দ সোনোৱালে পঞ্চ ছহীদৰ পৰিয়ালক ক্ষতিপূৰণ আৰু সংস্থাপন প্ৰদান কৰিবলৈ সাহস গোটাব নোৱাৰিলে৷ বিজেপিত যোগদান কৰি নাগপুৰীয়াৰ আঙুলিৰ মূৰত উঠা বহা কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পাহৰি গল জাতীয়তাবাদ, পাহৰি গল পঞ্চ ছহীদৰ কথা৷ সৰ্বানন্দ সোনোৱালৰ শাসনৰ ৫ টা বছৰত পঞ্চ ছহীদৰ পৰিয়াক ক্ষতিপূৰন প্ৰদানৰ নামত চৰকাৰে বেংক একাউণ্ট, কৰ্ট এফিডএফিড, চি বি আই কেচ নং কে ধৰি কেৱল বিভিন্ন তথ্যহে সংগ্ৰহ কৰিলে, পিছে ক্ষতিপূৰন প্ৰদান নকৰিলে৷ এনে ঠগ প্ৰৱঞ্চক বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে প্ৰৱঞ্চনাৰ মূল্য অচিৰেই লাভ কৰিব বুলি মনপোষন কৰে আছুৰ তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক মোহেশ্বৰ সোনোৱালে৷ প্ৰসংগক্ৰমে উল্লেখ্য যে, ১৯৯৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নিশা আলফা দমনৰ নামত শোৱাপাটিৰ পৰা ভাৰতীয় সেনাবাহিনীৰ ১৮ নং পাঞ্জাব ৰেজিমেণ্টৰ এটা দলে উঠাই নিছিল সেই সময়ৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰৱীন সোনোৱাল( ডাঙৰী), আছুৰ সক্ৰিয় সদস্য প্ৰদীপ দত্ত( তালাপ), দেৱজীত বিশ্বাস( তালাপ), ভবেন মৰান( লাইনা তামূলী গাও), অখিল সোনোৱাল( ধলা ন বৰমূৰা), গুনিন হাজৰিকা( ৰূপাই বিষ্ণুনগৰ),  প্ৰকাশ শৰ্মা( ৰূপাই), মনোৰঞ্জন দাস( তালাপ আহুবাৰী) আৰু মতেশ্বৰ মৰান( তামূলী ধূলিজানৰ ১ নং বাদলপথাৰ গাও) নামৰ ৯ গৰাকীকৈ তেজাল অসমীয়া ডেকাক৷ ইয়াৰে গুনীন হাজৰিকা, প্ৰকাশ শৰ্মা, মনোৰঞ্জন দাস আৰু মতেশ্বৰ মৰানক সেনাৰ দলটোৱে পিছদিনাই মুকলি কৰি দিছিল যদিও বাকী ৫ জন ক্ৰমে - প্ৰৱীন সোনোৱাল, প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস, ভবেন মৰান আৰু অখিল সোনোৱালক চাৰিদিনকৈ সেনা চাউনিত বন্দী কৰি সেনাৰ দলটোৱে অকথ্য নিৰ্যাতন চলোৱাৰ অন্তত ২২ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ নি শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল৷ সেই সময়ত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি তীব্ৰ আন্দোলন সাব্যস্ত কৰিছিল৷ সমান্তৰালকৈ শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সেই সময়ৰ আছুৰ উপ সভাপতি জগদীশ ভূঞাই ১৯৯৪ চনৰ ২২ ফেব্ৰুৱাৰী দিনটোতে গুৱাহাটী উচ্চ ন্যায়লয়ত বন্দী প্ৰত্যক্ষীকৰন আবেদন জনোৱাত পঞ্জাব ৰেজিমেণ্টক আদালতে উক্ত ৫ গৰাকী যুৱকক আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়াত সেনা বাহিনীয়ে ন ন কৌশল অৱলম্বন কৰিছিল৷ জগদীশ ভূঞাই পুনৰ ২৩ ফেব্ৰুৱাৰীত ৫ গৰাকী যুৱকক সেনাই নিৰ্মমভাবে হত্যাকৰাৰ অভিযোগ তুলি উচ্চ ন্যায়লয়ত গোচৰ তৰাত বিচাৰ খোচাৰৰ অন্তত ২০০০ চনত ন্যায়লয়ে গোচৰটো দেশৰ অন্যতম অপৰাধ অনুসন্ধানকাৰী সংস্থা চি বি আইক  অৰ্পন কৰে৷ ন্যায়লয়ৰ নিৰ্দেশমৰ্মে চি বি আয়ে এ আৰ চি- ৪/ চি/ ২০০০ নম্বৰত গোচৰ ৰুজু কৰি তদন্তৰ চূড়ান্ত প্ৰতিবেদন ন্যায়লয় আৰু সেনা প্ৰধানক দাখিল কৰে৷ সুদীৰ্ঘ বছৰ সেনাই চি বি আইৰ প্ৰতিবেদন গাপ দি ৰাখিছিল যদিও ২০১৭ চনৰ ছেপ্তেম্বৰ মাহত চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত দিনজানস্থিত ডাউ ডিভিজনৰ সেনাৰ আদালতত ১৮ নং পাঞ্জাব ৰেজিমেণ্টৰ বিৰুদ্ধে সেনা প্ৰধানে কৰ্ট মাৰ্শ্বলৰ ব্যৱস্থা কৰে৷ এই আদালতে ২০১৮ চনৰ অক্টোবৰ মাহত পাঞ্জাব ৰেজিমেণ্টৰ ৭ জনকৈ বিষয়াক যাবজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাত ৰাজ্য কপোৱা এটা হত্যাকাণ্ডৰ অভিযুক্তই শাস্তি লাভ কৰে৷

No comments