Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাগুনৰ শিল, বালি,কাঠ কয়লা আৰু ধপাত জাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায় বন্ধ কৰক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

গণ বার্তা, লেখাপানী ৯ ফেব্ৰুৱাৰী: ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দিহিং পাটকাই বনাঞ্চলৰ কেইবাখনো বনাঞ্চলত ...


গণ বার্তা, লেখাপানী ৯ ফেব্ৰুৱাৰী: ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দিহিং পাটকাই বনাঞ্চলৰ কেইবাখনো বনাঞ্চলত ইতিমধ্যে লাইকা দধিয়া বাসী ৰাইজক পুনৰ সংস্থাপনৰ বিৰুদ্ধে একাংশ জাতি জনগোষ্ঠীৰ সংগঠনে পাটকাই বনাঞ্চলৰ সুৰক্ষা স্বাৰ্থত ধাৰাবাহিক ভাবে আন্দোলন চলি থকা সমান্তৰাল কৈ আনহাতে উক্ত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰি   দিনে ৰাতিয়ে শিল বালি কয়লা অবৈধ ভাৱে খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই অহাত শেহতীয়াকৈ সৰৱ হৈ পৰিছে অসমৰ অন্যতম সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পাপু দত্তই স্ব-জমিন তদন্ত কৰি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আৰু লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিৰাপ নৈ আৰু বুঢ়ীদিহিং নৈৰ ওপৰত জেচিবি, পক্লেং ব্যৱহাৰ কৰি অবৈধ শিল বালি মুক্ত খনন কাৰ্য্য বন্ধ কৰিবলৈ দাবী জনায় । অন্যথা শংখনটোৱে পৰৱৰ্তী সময়ত এই ব্যৱসায়ী সকলৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত সকলো বন মাফিয়াৰ সকলৰ নামৰ তালিকা উল্লেখ কৰি তীব্রতৰ আন্দোলন কৰাৰ কথা জানিবলৈ দিয়ে । উল্লেখযোগ্য বিষয় যে শিল, বালি, মূল্যবান কাঠৰ উপৰিও বিগত বছৰত প্ৰায় শতাধিক কয়লা মজুত থকা অবৈধ ডিপো সমূহৰ পৰা মাজে নিশা সৰু ডাঙৰ বাহনত বিভিন্ন জিলালৈ সৰবৰাহ কৰি আহাৰ কথাও উল্লেখ কৰিছে এই ক্ষেত্ৰত জাগুন আৰু লেখাপানী আঞ্চলিক বন বিভাগৰ কেইজনমান বন বিষয়াৰ পৃষ্ঠপোষকতাত চোৰাং ব্যৱসায়ী সকলৰ লগত গোপন মিতিৰালী কৰি  এনে অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই যোৱা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ উপৰোক্ত দুই নেতাই ।  ইয়াৰ উপৰিও জাগুন লেখাপানী অঞ্চলত আৰক্ষীৰ নাকৰ তলতে ধপাত জাতীয় সামগ্ৰী ক্ৰমে গোটখা, শিখৰ, ৰজনীগন্ধা, চিগাৰেট, ড্ৰাগছৰ লগতে অৰুণাচলি সুৰা অবাধ প্ৰচলন হৈ থকাত উঠি অহা নৱপ্ৰজন্মৰ অভিশাপ স্বৰূপ হৈ পৰাত অতি শীঘ্ৰে এই সমূহ মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ মাৰ্ঘেৰিটা প্ৰশাসনক সংবাদ মাধ্যমৰ যোগেদি দাবী জনায় । লগতে সংগঠনটোৱে উল্লেখ কৰে যে জাগুন অঞ্চলৰ পৰা দৈনিক পাঁচ শতাধিক শিল বালি সৰবৰাহ কৰা ডাম্পাৰ সমূহ টি পি চালান নোহোৱাকৈ দিনে ৰাতিয়ে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি বিভিন্ন ঠাইলৈ সৰবৰাহ কৰাৰ কথাও উল্লেখ কৰি কয় যে এই শিল বালি মাফিয়া সকলৰ লগত জাগুন আৰু লেখাপানী আঞ্চলিক বন বিভাগৰ কৰ্মৰত বিষয়াই প্ৰতিখন গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি ব্যৱসায়ী সকলৰ লগত গোপন মিতিৰালী কৰে বুলিও অভিযোগ উত্থাপিত কৰে । লগতে যিসকলে চৰকাৰী নিবিদাৰ জৰিয়তে শিল বালি খনন কৰি ব্যৱসায় চলাই আহিছে সেই সকল ব্যৱসায়ীয়ে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই শিলৰ কোৱাৰী নিজ এলেকাৰ বাহিৰত অবিৰত ভাবে শিল বালি খনন কৰি ময়মতালি কৰাৰ কথাও জানিব দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপৰোক্ত দুই নেতাই । এতিয়া উল্লেখযোগ্য বিষয় হলে যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হুংকাৰ প্ৰদান কৰা কাৰ্যক উপৰোক্ত সংশ্লিষ্ট বিভাগে কি পদক্ষেপ হাতত লয় পৰৱৰ্তী সময়ত সেয়া এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব ।

No comments