Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় জিলাৰ সদৰ কাজী হিচাবে আইনান জুবেৰিক নিযুক্তিঃ কাৰ্য্যালয় উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

গণ বাৰ্তা, ডিব্ৰুগড়, ৬ ফেব্ৰুৱাৰীঃ  ডিব্ৰুগড় জিলাৰ সদৰ কাজী ৰূপে অলপতে আলহজ মৌলানা আইনান জুবেৰিক অসম চৰকাৰে নিযুক্তি প্ৰদান কৰাৰ পিছত আজি বি...


গণ বাৰ্তা, ডিব্ৰুগড়, ৬ ফেব্ৰুৱাৰীঃ  ডিব্ৰুগড় জিলাৰ সদৰ কাজী ৰূপে অলপতে আলহজ মৌলানা আইনান জুবেৰিক অসম চৰকাৰে নিযুক্তি প্ৰদান কৰাৰ পিছত আজি বিবাহ পঞ্জীয়ন কাজী কাৰ্যালয়টো ডিব্ৰুগড়ৰ আমোলাপট্টিৰ মিৰ্জাবাগত   ফিটা কাটি শুভ উদ্বোধন কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। উদ্বোধন কৰি ফুকনে কয় যে ডিব্ৰুগড় বাসীৰ বাবে জুবেৰীৰ নিযুক্তিয়ে বিশেষকৈ মুছলমান সমাজৰ বাবে আজি ঐতিহাসিক দিন আৰু আজি এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। তেওঁ আৰু কয় যে সদৰ কাজী গৰাকীৰ ওপৰত বহুখিনি দায়িত্ব আছে আৰু তেওঁ যেন এই বিষয়ত সজাগ হৈ শান্তি সম্প্ৰীতি অটুট  ৰাখে। উল্লেখযোগ্য যে যোৱা বছৰ পূৰ্বৰ সদৰ কাজী আলহজ জিললুৰ ৰহমানে অৰুণাচলৰ মায়দিয়াত এক পথ দুৰ্ঘটনাত নিহত হোৱাত বহুদিন ধৰি খালী হৈ আছিল।ইয়াৰ পিছত কাজী হিচাবে নাহৰকটীয়াৰ ফখৰুদ্দিন আহমেদক অস্থায়ী কাজী হিচাপে নিযুক্তি দিছিল।বৰ্তমানে স্থানীয় যুৱক তথা  সুবক্তা হিচাপে পৰিচিত আইনান জুবেৰী ডিব্ৰুগড়ৰ অন্যতম সুবক্তা, মৌলানা হাদি হাছান বিছমে জনাবৰ পুত্ৰ।  আইনান জুৱেৰীয়ে ডিব্ৰুগড়ৰ জামিউল উলুম মাদ্ৰাছাত  পঢ়া শুনা কৰি উচ্চ শিক্ষাৰ বাবে লখনউ লৈ যায় আৰু তাৰ পৰা নাডুৱাটুল উলেমা আৰু লখনউ বিশ্ববিদ্যালয়ৰ পৰা হাফিজ আৰু আলিম ফাজিল আদি ডিগ্ৰী লয়। অনুষ্ঠানত ভাষণ দি নতুন সদৰ কাজী আলহজ জুৱেৰীয়ে কয় যে সমাজৰ প্রতিটি সমস্যাৰ ওপৰত তেওঁ চকু ৰাখিব আৰু এই ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰিছে। অনুষ্ঠানত তাজুল ইছলাম, আলহজ চাহিল ৰহমান, চৌকত লটিফ, হবিবুৰ ৰহমান, কফিল উদ্দিন বিশ্বাস, আব্দুল খালেক, এম হাচিম আলী, আব্দুল চাজিদ, অতিকুৰ ৰহিম, চাকিল আহমেদ, ছাহজাহান, আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। অনুষ্ঠানটিৰ আঁত ধৰে মিৰনাব হাচানে।

No comments