Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আইপিএল ইতিহাসৰ সবাতোকৈ দামী ক্ৰিকেটাৰ ক্ৰিছ মাৰিছ; নিলামত ৰাজস্থান ৰায়েলছে ক্ৰয় কৰিলে ১৬.২৫ কোটি টকাত

চেন্নাই, ১৯ ফেব্ৰুৱাৰী: আগন্তুক ১৩ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ নিলাম চেন্নাইত বৃহস্পতিবাৰে সম্পন্ন হয়। এই নিলামত মুঠ ৬২জন ক্ৰিকে...


চেন্নাই, ১৯ ফেব্ৰুৱাৰী: আগন্তুক ১৩ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ নিলাম চেন্নাইত বৃহস্পতিবাৰে সম্পন্ন হয়। এই নিলামত মুঠ ৬২জন ক্ৰিকেটাৰৰ ওপৰত বলি লগোৱা হয়। এইবাৰৰ আইপিএলৰ নিলামত সবাতোকৈ দামী ক্ৰিকেটাৰ হোৱাৰ স্বীকৃতি লাভ কৰিছে ক্ৰিছ মাৰিছে। তেওঁক ৰাজস্থান ৰয়েলছে ১৬.২৫ কোটি টকাত ক্ৰয় কৰিছে। আইপিএল ইতিহাসত তেওঁ সবাতোকৈ অধিক দামী ক্ৰিকেটাৰ হৈ পৰিছে। তেওঁৰ পিছত গ্লেন মেক্সৱেল এইবাৰৰ আইপিএলত সবাতোকৈ অধিক মূল্যত বিক্ৰী হৈছে। তেওঁৰ নিলামত নূন্যতম মূল্য আছিল দুই কোটি টকা। কিন্তু তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৪.২৫কোটি টকাত ক্ৰয় কৰিছে। এইবাৰৰ আইপিএল নিলামত সৰ্বপ্ৰথমে কৰুণ নায়ৰৰ বলি লাগে। তেওঁৰ নূন্যতম মূল্য পাঁচ লাখ টকা কৰা হৈছিল। কিন্তু তেওঁক কোনো দলে ক্ৰয় নকৰে। দ্বিতীয়তে এলেক্স হেলছৰ বলি লাগে। তেওঁকো কোনো দলে ক্ৰয় নকৰে। ইয়াৰ পিছত বলি লগা জেমছ ৰায়কো কোনো দলে ক্ৰয় নকৰে। আনহাতে ষ্টিভ স্মিথক দিল্লী কেপিটেলে ২.২কোটি টকাত ক্ৰয় কৰে। ইয়াৰ পিছত বলি লগা ইবি লেভিছক কোনো দলে ক্ৰয় নকৰে। তেওঁৰ নূন্যতম মূল্য এক কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। একেদৰে এইবাৰ এৰান ফিন্সকো কোনো দলে ক্ৰয় নকৰে। তেওঁৰ নূন্যতম মূল্য এক কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু তেওঁৰ প্ৰতি কোনো দলৰ দৃষ্টি আকৰ্ষণ নহ'ল। আনহাতে হনুমা বিহাৰীকো কোনো দলে ক্ৰয় নকৰিলে। তাৰ বিপৰীতে গ্লেন মেক্সৱেল চেন্নাই চুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ক্ৰয় কৰিবলৈ চেষ্টা চলাইছিল। শেষত বেংগালুৰুৱে ১৪.২৫কোটি টকাত ক্ৰয় কৰে। তেওঁৰ নূন্যতম মূল্য দুই কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। একেদৰে অলৰাউণ্ডাৰ মোইন আলীক পাঞ্জাৱ আৰু চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰিবলৈ আগ্ৰহ দেখুৱাইছিল। শেষত চেন্নাইয়ে তেওঁ ৭কোটি টকাত ক্ৰয় কৰে। আনহাতে শিৱম দুবেক ৰাজস্থান ৰয়েলে ৪.৪কোটি টকাত ক্ৰয় কৰে। ছাকিল আল হাছানক কলকাতাই ৩.২কোটি টকাত ক্ৰয় কৰে। আইপিএল ইতিহাসত সবাতোকৈ অধিক মূল্যৰ বলি ক্ৰিছ মাৰিছৰ ওপৰত লাগে। ৰাজস্থানে তেওঁক ১৬.২৫কোটি টকাৰ বলি লগাই ক্ৰয় কৰে। দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰজনৰ ৭৫লাখ টকাৰ পৰা বলি আৰম্ভ হৈছিল। কিন্তু শেষত তেওঁ আইপিএলত ইতিহাস ৰছে। উল্লেখ্য যে আইপিএলত ২০০৮ত এম এছ ধোনী সবাতোকৈ দামী ক্ৰিকেটাৰ আছিল। তেওঁ ৬কোটি টকাত বিক্ৰী হৈছিল। ২০০৯ত আছিল এন্দ্ৰিউ ফ্লিনটাফ আৰু কেভিন পিটাৰ্ছন। এই দুয়োজন ৭.৩৫কোটিকৈ টকাত বিক্ৰী হৈছিল। ২০১০ত কিৰণ পোলাৰ্ড আৰু চেন ৱানড ৩.৪কোটিকৈ টকাত বিক্ৰী হৈছিল। ২০১১ত গৌতম গম্ভীৰ ১১.৪কোটি টকাত বিক্ৰী হৈছিল। ২০১২ত ৰবীন্দ্ৰ জাডেজাই ৯.৭২কোটি টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২০১৩ ত গ্লেন মেক্সৱেল ৫.৩কোটি, ২০১৪ত যুৱৰাজ সিং ১৪কোটি, ২০১৫ত যুৱৰাজ সিং ১৬কোটি, ২০১৬ত ছেন ৱাটছন ৯.৫কোটি, ২০১৭ত বেন ষ্টোকছ ১৪.৫কোটি, ২০১৮ত বেন ষ্টোকছ ১২.৫০ কোটি, ২০১৯ত জয়দেৱ উনাদকৰ আৰু বৰণ চক্ৰৱৰ্তী ৮.৪কোটিকৈ আৰু ২০২০ত পেট কমিনছ ১৫.৫কোটি টকাত বিক্ৰী হয়।

No comments