Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মহাজোঁটৰ কটাŽক্ষঃ পৰিভ্ৰমি পক্ষী হৈ অসমলৈ আহে মোদী

অসমত ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, ডাবল মুখ্যমন্ত্ৰীৰ চৰকাৰঃ ৰিপুণ বৰা অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা বৃদ্...

অসমত ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, ডাবল মুখ্যমন্ত্ৰীৰ চৰকাৰঃ ৰিপুণ বৰা




অসমত এতিয়া নিৰ্বাচনী বতাহ বলিছে। প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে। কি শাসকীয় দল, এই ক্ষেত্ৰত পিছপৰি থকা নাই বিৰোধী দলসমূহো। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে পদূলিয়ে পদূলিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। শাসকীয় দল বিজেপিয়ে পুনৰবাৰ ক্ষমতা দখলৰ লক্ষ্যৰে অসমলৈ আহিছে এজনৰ পিছত এজনকৈ কেন্দ্ৰীয় নেতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ আহি নিৰ্বাচনী ৰণডংকা বজাইছে। আজি পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি এক সভাত অংশগ্ৰহণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহাজোঁটে। দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীৰ  ছাঁটোকে অসমবাসীয়ে দেখিবলৈ নোপোৱা এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ সঘনাই অসম ভ্ৰমণক লৈ তুচ্ছ-তাচ্ছিল্য কৰিছে মহাজোঁট বন্ধনৰ নেতৃবৰ্গই।

 আজি হোটেল গেটৱেত আয়োজিত এক সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিভ্ৰমী পক্ষী আখ্যা দি মহাজোঁট বন্ধনৰ নেতৃবৰ্গই এইবুলি কয় যে ভয়াৱহ বানপানীত অসমবাসীয়ে কক্‌বকাই থকাৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীৰ খবৰ ল’বলৈ সময় নাছিল। আনকি জাতিধবংসী ‘কা’ৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে পাঁচজনকৈ নিৰীহ যুৱকক আৰক্ষীয়ে বৰ্বৰভাৱে গুলীয়াই হত্যা কৰাৰ পিছতো এইগৰাকী প্ৰধানমন্ত্ৰীৰ খবৰ ল’বলৈ আহৰি নাছিল। সন্মুখত নিৰ্বাচন। এতিয়া অসমবাসীক পুনৰবাৰ প্ৰতাৰণা আৰু প্ৰলোভন দিবলৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ সোঁত বৈছে। নিৰ্বাচন আহিলেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিভ্ৰমী পক্ষীৰ দৰে অসমলৈ আহে বুলি আজি সংবাদমেলত কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কটাক্ষ কৰি ছটাকৈ প্ৰশ্ন কৰে। ৰিপুন বৰাই প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰি কয় যে বিজেপিয়ে বাৰম্বাৰ কৈ আহিছে যে জনমতক তেওঁলোকে সমৰ্থন কৰে। কিন্তু অসমৰ জনমতৰ বিপৰীতে গৈ বিজেপিয়ে ‘কা’ আইন কিয় অসমবাসীৰ ওপৰত জাপি দিলে সেয়া আজি চিলাপথাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে উত্তৰ নিদিলে। একেদৰে প্ৰতিবছৰে দুই কোটি যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। 

সমান্তৰালভাৱে অসমত ২৫ লাখক চাকৰি দিয়াৰ কথা কৈছিল। কিন্তু সোণোৱাল চৰকাৰে অসমত পাঁচ বছৰত মাত্ৰ ৮০ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপনহে দিলে। বিজেপিয়ে ঘোষণা কৰাৰ দৰে কৰ্মসংস্থাপনত বিজেপিয়ে ৩ শতাংশহে সফল হৈছে। ৯৭ শতাংশ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে বিজেপি। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল। কিন্তু আজি সেই ঘোষণা অসাৰ হৈছে। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু সেয়াও নকৰিলে। কেৰালাৰ নিচিনা ৰাজ্যত চাহ শ্ৰমিকৰ মজুৰি ৩৮০ টকা। অসমত চাহ শ্ৰমিকক লৈ বিজেপি চৰকাৰে চৰম বিশ্বাসঘাতকতা কৰিছে বুলি উল্লেখ কৰি ৰিপুন বৰাই আৰু কয় যে বৰ্তমান আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। সেই অনুসৰি ভাৰতত পেট্ৰ’লৰ মূল্য ৩০ টকা হ’ব লাগে। কিন্তু অতিৰিক্ত কৰ জাপি দি অতিৰিক্তভাৱে চৰকাৰখনে ৬০ টকাকৈ লুণ্ঠন চলাই আছে। ৰিপুন বৰাই লগতে কয় যে মোদীয়ে উল্লেখ কৰিছে অসমত ডাবল ইঞ্জিনৰ চৰকাৰ। কিন্তু অসমত ডাবল ইঞ্জিনৰ চৰকাৰ নহয়। ডাবল মুখ্যমন্ত্ৰীৰ চৰকাৰহে বুলি উল্লেখ কৰে।

 অসমবাসী ৰাইজে বানপানীৰ সময়ত ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছিল। কিন্তু সেই সময়ত মোদীয়ে এবাৰো খবৰ নল’লে। এতিয়া নিৰ্বাচন অহাৰ লগে লগে মোদী-অমিত শ্বাহৰ অসমৰ কথা মনত পৰিছে। কুইপ’ৰ দুই বিষয়াক অপহৰণ কৰিছে। কিন্তু আজি প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো সেই বিষয়ে উল্লেখ নকৰিলে সভাত। তেওঁ লগতে কয় যে অসমৰ সম্পদ বিক্ৰী কৰি আছে বিজেপিয়ে। মোদীয়ে সভাত উল্লেখ কৰিছে যে কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত অসমক মাহীআইৰ দৃষ্টিৰে চাইছিল। কিন্তু ১৯৬৯ চনৰ পৰাই ৯০ছ১০ হাৰত অসমে পুঁজি লাভ কৰিছিল। বিজেপি চৰকাৰ অহাৰ পিছত বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ বাবে অসমে বছৰি ৮ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আছে। এইটো অসমবাসীৰ প্ৰতি বিজেপিৰ মাহীআইৰ দৃষ্টি নহয়নে বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই। 

অসমে জিএছটিৰ বাবদ ৮৪ হাজাৰ কোটি টকা পাবলৈ আছে কেন্দ্ৰৰ পৰা। জিএছটিৰ ধন এতিয়াও মোকলাই দিয়া নাই কেন্দ্ৰই। এয়া অসমবাসীৰ প্ৰতি মোদী চৰকাৰৰ মাহীআইৰ দৃষ্টি নহয় নেকি বুলি প্ৰশ্ন কৰে ৰিপুন বৰাই। উক্ত সংবাদমেলত মহাজোঁটৰ অংশীদাৰ দল চিপিআইএমৰ নেতা দেৱেন ভট্টাচাৰ্যই কয় যে নিৰ্বাচন যিমানেই  চমু চাপি আহিছে প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহ সঘনাই অসমলৈ আহিছে। এতিয়া চৰকাৰ আৰু দল একাকাৰ হৈ পৰিছে। চৰকাৰী সভাত উৰিছে বিজেপিৰ পতাকা। চৰকাৰী সভা বিজেপিৰ সভালৈ পৰ্যৱসিত হৈছে। এয়া সম্পূৰ্ণ দুৰ্ভাগ্যজনক। অসমৰ মানুহক পুনৰ প্ৰলোভন দিছে। হিতাধিকাৰী সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণী পাৰ হ’ব বিচাৰিছে। উক্ত সংবাদমেলতেই উপস্থিত থকা মহাজোঁটৰ অংশীদাৰ দল আঞ্চলিক গণ মৰ্চাৰ নেতা মনজিত মহন্তই কয় যে দল আৰু চৰকাৰৰ মাজত পাৰ্থক্য নাইকিয়া হৈছে।

 কেতিয়া অধিসূচনা জাৰি হ’ব সেইটো নিৰ্বাচন আয়োগে থিৰাং কৰে। কিন্তু আজি মোদীয়ে তাৰিখ উল্লেখ কৰিলে কেতিয়া অধিসূচনা জাৰি হ’ব আৰু তেতিয়ালৈকে অসমলৈ আহি থাকিব বুলি বক্তব্য আগবঢ়াইছে। দুৰ্যোগৰ সময়ত সময় নোপোৱা মোদীয়ে এতিয়া অসমলৈ সঘনাই আহিছে। মনজিত মহন্তই মোদীক কটাক্ষ কৰি কয় যে পাঁচজনকৈ যুৱকক গুলীয়াই হত্যা কৰিলে, এবাৰো খবৰ নল’লে। শিলান্যাস কেতিয়াবা ডিজিটেলী হয় নেকি বুলি প্ৰশ্ন কৰি মনজিত মহন্তই আৰু কয় যে প্ৰতিটো মহকুমাত অভিযান্ত্ৰিক মহাবিদ্যালয়, তিনিখন পলিটেকনিক স্থাপনৰ কথা ঘোষণা কৰিছিল, কিন্তু সেই ঘোষণা কি হ’ল· বিজেপিয়ে বাৰম্বাৰ আওৰাই আহিছে যে তেওঁলোকে ১০০ঋ আসন পাব। যদি সেই আত্মবিশ্বাস আছেই, তেন্তে মোদী, অমিত শ্বাহ ঘনে ঘনে আহিব লগা হৈছে কিয় বুলি প্ৰশ্ন কৰে মহন্তই। এয়া বিজেপিৰ ভণ্ডামি ৰাইজে বুজি উঠিছে। কেইদিনমান পিছত ইয়াৰ উত্তৰ পাব বুলি তেওঁ কয়। 

লগতে আৰু কয় যে আজি এজন প্ৰধানমন্ত্ৰী অহা নাই, বিজেপিৰ নেতা হিচাপেহে আহিছে অসমলৈ। এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে মহাজোঁট গঠনৰ পিছতেই বিজেপি শংকিত হৈছে। হতাশাত ভুগিছে। পূৰ্ব আভাস পোৱাৰ বাবেই এতিয়া মোদী-অমিত শ্বাহে বিশ দিনত অসমলৈ তিনিবাৰ আহিছে। চৰকাৰ গঠন কৰি সোণোৱালে এনআৰচিৰ কাৰ্যালয়লৈ গৈছিল। কিন্তু সেই এনআৰচি আজিও অসম্পূৰ্ণ হৈ আছে। ৫৬ হাজাৰ কৰ্মচাৰীৰ কষ্ট আৰু ১৬ হাজাৰ কোটি টকা পানীত পেলালে বিজেপিয়ে। অসম চুক্তিৰ ভিত্তিত বিদেশী সমস্যা সমাধান কৰিব বিচৰা নাই বিজেপিয়ে। ‘কা’ৰ জৰিয়তে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচাৰিছে। ধৰ্মৰ ভিত্তিত সমগ্ৰ দেশত ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। এডভান্টেজ অসম পাতিলে, কোটি কোটি টকা খৰচ কৰিলে।

 নতুন উদ্যোগ স্থাপন কৰাৰ দূৰৰে কথা, থকা উদ্যোগসমূহো বন্ধ হৈ গৈছে। সোণোৱাল চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা নাই। সংবাদমেলত উপস্থিত থকা চিপিআইৰ নেতা মুনিন মহন্তই কয় যে মোদীয়ে যোৱা ডেৰ মাহত তিনিবাৰ অসমলৈ আহিছে। আজিৰ সভাত দিয়া ভাষণে স্পষ্ট কৰিছে যে মোদী এজন বহুৱা অভিনেতাহে। সমস্যা এৰাই চলিছে। ডাবল ইঞ্জিনৰ কথা কৈছে উন্নয়নৰ বাবে। কিন্তু যি ইঞ্জিন লগাইছে ৰে’লখন পিছপিনেহে টানি নিছে। অসমৰ সম্পদসমূহ বিক্ৰী কৰিব ধৰিছে। ১৮৩৬ চনৰ সেই ভয়াৱহ দিনলৈ ঠেলি দিব বিচাৰিছে বিজেপিয়ে। কোৰোনাৰ প্ৰতিষেধকৰ পিছতেই ‘কা’ প্ৰযোজ্য কৰিব বুলি অমিত শ্বাহে ঘোষণা কৰিছে। গুৱাহাটীৰ চিৰিয়াখানাক আদানী গ্ৰু¸পৰ হাতত গতাব বিচাৰিছে। চিপিআইএম-এলৰ নেতা বিবেক দাসে মোদীক কটাক্ষ কৰি কয় যে পট্টা বিতৰণ এগৰাকী চক্ৰ বিষয়ায়ো কৰিব পাৰে।  কিন্তু মোদী পট্টা দিবলৈ অহাটো দুৰ্ভাগ্যজনক।

No comments