নতুন দিল্লী, ১ ফেব্ৰুৱাৰী: আইপিএলৰ ১৪তম সংস্কৰণ আৰম্ভণিৰ তাৰিখ নিৰ্ধাৰণ হৈছে। প্ৰাপ্ত খবৰ অনুসৰি ১১ এপ্ৰিলৰ পৰা ২০২১ৰ আইপিএল আৰম্ভ হোৱাটো প্...
নতুন দিল্লী, ১ ফেব্ৰুৱাৰী: আইপিএলৰ ১৪তম সংস্কৰণ আৰম্ভণিৰ তাৰিখ নিৰ্ধাৰণ হৈছে। প্ৰাপ্ত খবৰ অনুসৰি ১১ এপ্ৰিলৰ পৰা ২০২১ৰ আইপিএল আৰম্ভ হোৱাটো প্ৰায় নিশ্চিত। কিন্তু বিচিচিআয়ে এতিয়ালৈ ইয়াক লৈ কোনো কথা প্ৰকাশ কৰা নাই। এক কথাত আয়োজনৰ তাৰিখকলৈ বিচিচিআয়ে মৌনতা অৱলম্বন কৰি আছে। প্ৰাপ্ত খবৰ অনুসৰি ৱমেনছ এদিনীয়া টুৰ্ণামেণ্ট আৰু বিজয় হাজাৰে ট্ৰফী অন্ত পৰাৰ পিছত আইপিএল আৰম্ভ হ'ব। আইপিএল ফাইনেল মেচখন ৫ অথবা ৬ জুনত অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত এইবাৰৰ আইপিএল ৫৬ দিন ধৰি চলিব। বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এই লীগ আৰম্ভণিৰ চূড়ান্ত মোহৰ আইপিএলৰ গভৰ্নিং কাউন্সিলৰ মিটিঙত পৰিব। তেওঁ কৈছিল ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজ মাৰ্চত অন্ত পৰিব। ইয়াৰ পিছত যাতে ক্ৰিকেটাৰ সকলে ভাল ধৰণে বিশ্ৰাম পায় তাৰ বাবে আইপিএল ১১ এপ্ৰিলৰ পৰা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ভবা হৈছে। ইংলেণ্ডৰ ভাৰত ভ্ৰমণৰ আৰম্ভণি ৫ ফেব্ৰুৱাৰীৰ পৰা হ'ব। তেওঁলোকৰ ভ্ৰমণ ২৮ মাৰ্চত অন্ত পৰিব। যদি ১১ এপ্ৰিলৰ পৰা আইপিএল আৰম্ভ হয় তেন্তে ক্ৰিকেটাৰ সকলে দুসপ্তাহৰ বিশ্ৰাম লাভ কৰিব।
No comments