Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইটাখোলাত বিশ্বনাথ জিলা প্ৰাধিকৰণ কাৰ্য্যালয়ৰ উদ্যোগত আইন সম্বন্ধীয় সজাগতা সভা

গণ বাৰ্তা, ইটাখোলা ২ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ আইনৰ অধিকাৰৰ সম্পৰ্কে ও বিনামূলীয়াকৈ আইনৰ ...


গণ বাৰ্তা, ইটাখোলা ২ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ আইনৰ অধিকাৰৰ সম্পৰ্কে ও বিনামূলীয়াকৈ আইনৰ সহায় কেনেকৈ   লাভ কৰিব পাৰি লগতে সামাজিক ব্যাধি হিচাপে পৰিচিত ডাইনী হত্যা ,মানৱ সৰবৰাহৰ দৰে জঘণ্য অপৰাধ সন্দৰ্ভত বিশ্বনাথ জিলা আইন সেৱা প্ৰাধিকৰণ কাৰ্য্যালয়ৰ  উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে । সেইদৰে যোৱা অলপতে ইটাখোলাস্থিত ব্যবসায়িক কেন্দ্ৰস্থলৰ মাজ মজিয়াত থকা শ্ৰীমন্ত শংকৰ দেব ভবন প্ৰাংগনত ইটাখোলা অঞ্চলৰ অৰ্ধশতাধিক ৰাইজৰ উপস্থিতিত জিলা আইন সেৱা প্ৰাধিকৰণ কাৰ্য্যালয়ৰ উদ্যোগত উক্ত বিষয় সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হৈ যায় ।উক্ত সভাৰ আঁত ধৰা দিলীপ  কাকতি(  কপিষ্ট এচ ডি জে এম, বিশ্বনাথ) সভাখনিত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব আব্দুচ চাত্তাৰ (AJS) য়ে নিজ ভাষণ প্ৰসংগত  কয় যে ভাৰতীয় সংবিধানে যেনেকৈ জনসাধাৰণক কিছুমান অধিকাৰ দিছে তাৰ পৰিবৰ্তে কিছু কৰিবলগীয়া কৰ্তৱ্যও দাঙি ধৰিছে ।গতিকে জনসাধাৰণে এইটো লক্ষ্য কৰা উচিত যে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে কাৰো যাতে অপকাৰ নহয় । তেওঁ এই বিষয়ত নিজৰ বক্তব্যত দুই এটা উদাহৰণ  দাঙি ধৰি উপস্থিত ৰাইজক ভালদৰে বুজাই দিয়ে । লগতে তেওঁ জিলা প্ৰাধিকৰণ কাৰ্য্যালয়ৰ দ্বাৰা সমাজৰ পিছপৰা দৰিদ্ৰ শ্ৰেণীৰ  লোকে কি ধৰণে বিনামূলীয়া আইনী সাহাৰ্য্য লাভ কৰিব এই বিষয়েও ভালদৰে বুজাই দি উপস্থিত ৰাইজক এই বিষয়ে উক্ত নিষ্পেষিত অথবা আৰ্থিক অনাটনৰ বাবে আইনী সাহাৰ্য্যৰ পৰা বঞ্চিত শ্ৰেণীৰ লোক সকলক কেনেকৈ আইনী সাহাৰ্য্য লাভ পাব পাৰি এই বিষয়ে জনাবলৈ আহ্বান জনায় । আনকি তেওঁ নিজৰ ভাষনত প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ মানুহৰ বাহিৰেও অন্যান্য জীৱৰ ওপৰত একাংশই নিৰ্মম ভাবে চলোৱা অত্যাচাৰো যে এটা অপৰাধ এই সন্দৰ্ভতো উল্লেখ কৰি কয় যে ভাৰতীয় সংবিধানে এই একাংশ নিৰ্দয় অত্যাচাৰী লোকৰ ওপৰতো আইনৰ দ্বাৰা শাস্তি দিয়া ব্যবস্থাৰ কথা ও দাঙি ধৰে  ।যদিও আমাৰ সংবিধানে কিছু প্ৰাণীক খাবলৈ অধিকাৰ দিছে যদিও সেই প্ৰাণী সমুহক নিৰ্দয় ভাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৈ যোৱাৰ অধিকাৰ  দিয়া নাই ।সভাত উপস্থিত থাকি বিশ্বনাথ জিলাৰ জেষ্ঠ অধিবক্তা সাগৰিকা বৰাই  সমাজত ভয়ংকৰ  ব্যাধি ৰূপে দেখা দিয়া  ডাইনী হত্যাৰ নিচিনা অপৰাধ সন্দৰ্ভত বক্তৱ্য দাঙি ধৰি এই অপৰাধ কেনেধৰণে ৰোধ কৰিব পাৰি তাৰ এক বহল বিশ্লেষণ  দাঙি ধৰে ।জিলাখনৰ আন এগৰাকী অধিবক্তা দেবলীনা বৰা" মানব সৰবৰাহ " ৰ নিচিনা অপৰাধ ৰোধ কৰিবলৈ হলে  বিশেষকৈ পিছপৰা অঞ্চলৰ মাতৃ সকল সজাগ হৈ নিজ লৰা সন্তানৰ লগতে ছোৱালী সন্তানকো একে সমানে মৰম দিব লাগিব যাতে ছোৱালী সন্তানটোৰ মনত এই বিষয়ে পাৰ্থক্য উপজি সমাজৰ দুষ্টলোকৰ প্ৰলোভনোত পৰি ঘৰ এৰি গুছি নেযায় ।লগতে ১৪ বছৰৰ তলৰ শিশুক চৰকাৰে আগবঢ়োৱা " শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান  জনাই।  যদি এজন শিশুৱে শিক্ষা গ্ৰহণৰ জৰিয়তে ভাল বেয়া কাম উপলব্ধি কৰিব পাৰে তেন্তে সেই শিশুক কোনেও প্ৰলোভন দেখুৱাই লৈ যাব নোৱাৰে ।গতিকে কোনো অভিভাৱকে নিজ সন্তানক শিক্ষাৰ অধিকাৰৰ  পৰা  বঞ্চিত কৰিলে সেই অভিভাৱকে আইনৰ জৰিয়তে জেললৈও যাব পাৰে । অধিবক্তা গৰাকীয়ে নিজ ভাষণত লগতে কয় আমাৰ ৰাজ্যৰ নিবনুৱা সমস্যাৰ সুযোগ লৈ সমাজৰ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে দৰিদ্ৰ নিবনুৱা লোকসকলক চাকৰিৰ প্ৰলোভন দি বহিঃৰাজ্য তথা বিদেশলৈ নি বৃহৎ বৃহৎ কাৰখানাৰ মালিকক বিক্ৰী কৰি দিয়াৰ কথাও শুনিব পোৱা যায় । ফলত কাৰখানাৰ মালিক সকলৰ পণ বন্দি হৈ কম মজুৰিতে উক্ত নিবনুৱা লোক সকল কাম কৰিব লগা হয় ।গতিকে নিবনুৱা লোক সকলক সমাজৰ সচেতন লোক সকলে সজাগতাৰ জৰিয়তে মানৱ সৰবৰাহকাৰী দুষ্ট লোক সকলৰ প্ৰলোভনৰ পৰা ৰক্ষা কৰিব  পাৰি বুলি অধিবক্তা দেবলীনাই   মন্তৱ্য কৰে ।  সভাত উপস্থিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চাহাবুদ্দিন আহমেদে নিজৰ ভাষনত সমাজত প্ৰচলিত দুয়োটা অপসংস্কৃতিৰ কথা উল্লেখ কৰি এই বিষয়ে সমাজৰ শিক্ষিত  যুৱক, যুবতী আৰু জেষ্ঠ সকলে নিজ ব্যক্তিগত কৰ্মৰ ব্যস্ততাৰ মাজতো  দৰিদ্ৰ অশিক্ষিত লোক সকলক উক্ত বিষয় সন্দৰ্ভত সজাগতা অনাৰ বাবে আহ্বান জনাই ।

No comments