Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মটক স্বায়ত্ব পৰিষদ গঠন, চাবুৱাত আনন্দ-উচাহৰ ঢল | সৰোজ গোহাঁই-চেয়াৰমেন, ডেভিদ চেতিয়া-মুখ্য কাৰ্যবাহী হিচাপে নিযুক্ত

গণ বাৰ্তা, চাবুৱা, ১৭ ফেব্ৰুৱাৰীঃ  আনুষ্ঠানিকভাৱে গঠন হ'ল অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মটকৰ স্বায়ত্ব পৰিষদ। অসম চৰকাৰৰ ...


গণ বাৰ্তা, চাবুৱা, ১৭ ফেব্ৰুৱাৰীঃ  আনুষ্ঠানিকভাৱে গঠন হ'ল অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মটকৰ স্বায়ত্ব পৰিষদ। অসম চৰকাৰৰ ডব্লিউ পি টি বিভাগৰ যুটীয়া সঞ্চালকে স্বাক্ষৰ প্ৰদানৰ লগে লগে মটক জনগোষ্ঠীৰ স্বায়ত্ব পৰিষদখনে কালি পূৰ্ণাংগ ৰূপ পায়। এই খবৰ বিয়পি পৰাৰ মাত্ৰে জনগোষ্ঠীটোৰ বিভিন্ন দল-সংগঠনৰ লগতে মটকৰ সাধাৰণ জনসাধাৰণৰ মাজত আনন্দ উচাহৰ ঢল বয়। বিশেষকৈ কালি নিশা পৰিষদলৈ নিৰ্বাচিত ব্যক্তিসকলে চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ বিশমাইলস্থিত বাসগৃহত উপস্থিত হৈ বিধায়ক গৰাকীৰ চৌহদতে ফটকা ফুটাই হৰ্ষ-উল্লাহত জড়িত হয়। মটক স্বায়ত্ব পৰিষদ আহৰণ আৰু গঠনৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা অন্যতম বিধায়ক বিনোদ হাজৰিকাক পৰিষদৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনাও জ্ঞাপন কৰে নিৰ্বাচিত পৰিষদবৰ্গই। বিধায়কেও উপস্থিত থকা  প্ৰতিজনকে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। মটক স্বায়ত্ব পৰিষদলৈ নিৰ্বাচিত বিষয়ববীয়াসকল হৈছে- চেয়াৰমেন সৰোজ গোহাঁই (তিনিচুকীয়া), ভাইচ চেয়াৰমেন দেৱৰ্ষি চেতিয়া (ডিব্ৰুগড়, চাবুৱা), মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া (ডিব্ৰুগড়, ফুটাহলা), কাৰ্যবাহী পৰিষদবৰ্গ হ'ল ক্ৰমে- অমূল্য সেনাপতি (কামৰূপ), স্বৰূপজ্যোতি চেতিয়া( ডিব্ৰুগড়, চাবুৱা), দেৱজিৎ ৰাজখোৱা (ডিব্ৰুগড়, চাবুৱা), যতীন দিহিঙ্গীয়া (ডিব্ৰুগড়), নৱজ্যোতি শইকীয়া (ডিব্ৰুগড়,পুলুঙা), বিমল বৰুৱা (ডিব্ৰুগড়, জেৰাই), আনন্দ চেতিয়া (তিনিচুকীয়া, বৰহোলা), অনন্ত গগৈ (ডিব্ৰুগড়, খাঞ্জিখোৱা), সদস্যবৰ্গ হৈছে- শুক্লধৰ ফুকন (ডিব্ৰুগড়, চাবুৱা), ৰূপালী গোহাঁই (তিনিচুকীয়া), নিৰেণ শইকীয়া (ডিব্ৰুগড়, পুলুঙা), তুষাৰ ৰঞ্জন চেতিয়া (ডিব্ৰুগড়, বামুনীয়াহিলৈধাৰী), প্ৰাণদ্বীপ মহন (শিৱসাগৰ, বানমুখ) পদ্মাৱতী গগৈ (ডিব্ৰুগড়, ফুটাহলা) শান্তা গগৈ (লক্ষীমপুৰ), পূৰ্ণানন্দ বুঢ়াগোহাঁই (তিনিচুকীয়া), মাখন চেতিয়া (ডিব্ৰুগড়, দিনজয়) স্বৰ্ণলতা শইকীয়া (তিনিচুকীয়া) ধৰ্মানন্দ কোঁৱৰ (ডিব্ৰুগড়, লাহোৱাল), দীপজয় শইকীয়া (ডিব্ৰুগড়, বকুল মাজগাঁও), দুৰ্লভ কোঁৱৰ (লক্ষীমপুৰ, লালুক) আৰু চান্দ কুমাৰ গোহাঁই (ডিব্ৰুগড়, সেউজপুৰ)।

No comments