Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰাইদেউ সাপেখাতীৰ ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও : অসম মজুৰি শ্ৰমিক ইউনিয়নৰ তীব্ৰ প্ৰতিবাদ

গণ বাৰ্তা , সাপেখাতী ১৫ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ  সাপেখাতীত ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও কৰি তীব্ৰ প্ৰতিবাদ কৰে  অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চ...


গণ বাৰ্তা , সাপেখাতী ১৫ ফেব্ৰুৱাৰী : চৰাইদেউ জিলাৰ  সাপেখাতীত ৰাজহ চক্ৰ কাৰ্য্যালয় ঘেৰাঁও কৰি তীব্ৰ প্ৰতিবাদ কৰে  অসম মজুৰি শ্ৰমিক ইউনিয়নৰ চৰাইদেউ জিলা সমিতিয়ে  ৷ শ্ৰমিক বিৰোধী নতুন শ্ৰম সংহিতা বাতিল কৰা, দেশীয় সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰা , চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা , সৰ্বসাধাৰণৰ সুবিধাৰ্থে যাত্ৰী বাহী ৰেলৰ পুনৰ চলাচল কৰা , চৰকাৰী বিভিন্ন আচঁনিত চলা দুৰ্নীতি বন্ধ কৰা , কা' বাতিল কৰা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰে ৷ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ধোদৰআলিয়েদি সমদল বাহিৰ কৰি ৰাজহ চক্ৰৰ কাৰ্য্যালয় ঘেৰাঁও কৰি   প্ৰতিবাদ     সাব্যস্ত কৰে । প্ৰতিবাদ কাৰীয়ে প্ৰায় এক ঘন্টাতকৈ অধিক সময় ধৰি প্ৰতিবাদ কৰাৰ অন্তত ৰাজহ চক্ৰৰ বিষয়াৰ হাতত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

No comments