গণবাৰ্তা বিশেষ দেৰগাঁও, ১ ফেব্ৰুৱাৰীঃ ক্ৰমান্বয়ে ৰাজ্যত সৰ্বসাধাৰণ ৰাইজৰ পৰালৈ দল সংগঠনৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ...
গণবাৰ্তা বিশেষ দেৰগাঁও, ১ ফেব্ৰুৱাৰীঃ ক্ৰমান্বয়ে ৰাজ্যত সৰ্বসাধাৰণ ৰাইজৰ পৰালৈ দল সংগঠনৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।দেৰগাঁৱতো দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কায্যসূচীত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছগীৰ আহমেদ, সম্পাদক দুষ্মন্ত মাধৱ দত্ত , মহকুমা প্ৰতিনিধি পলাশ বৰা, জিলাৰ প্ৰতিনিধি দ্বীপ বৰঠাকুৰ প্ৰমুখ্যে সন্থাৰ বিষয়-ববীয়া সকলে অংশগ্ৰহণ কৰি চহৰৰ মধ্যস্থলৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথত অৱস্থান লৈ ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে।শুৱালকুছি আৰু তেজপুৰত আছুৰ সদস্যৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা অত্যাচাৰৰ বিৰোধ কৰি হাতত লোৱা প্ৰতিবাদৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্ত্তী দাহ কৰি সৰ্বানন্দ সোনোৱাল হায়, হায়, সৰ্বানন্দ সোনোৱাল লেই লেই চেই চেই আৰু বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে। এই সময়ছোৱাত ঘাইপথছোৱাত যান-বাহনৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গ'ল।
No comments