টকিঅ',১ ফেব্ৰুৱাৰী: ক’ভিড–১৯ৰ তৃতীয়টো ঢ়ৌৱে পুনৰ আতংক সৃষ্টি কৰিছে জাপানত।ইয়াৰ বাবে আগন্তুক টকিঅ’ অলিম্পিক বাতিল হ’ব বুলি বাতৰি প্রকাশ প...
টকিঅ',১ ফেব্ৰুৱাৰী: ক’ভিড–১৯ৰ তৃতীয়টো ঢ়ৌৱে পুনৰ আতংক সৃষ্টি কৰিছে জাপানত।ইয়াৰ বাবে আগন্তুক টকিঅ’ অলিম্পিক বাতিল হ’ব বুলি বাতৰি প্রকাশ পাবলৈ ধৰিছে। সেই বাতৰিৰ উত্তৰত জাপানৰ প্রধানমন্ত্রী য়’ছিহাইড ছুগাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহখন নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ অলপতে ৱর্ল্ড ইক’নমিক ফ’ৰামৰ এক ভার্চুৱেল বৈঠকত তেওঁ কয় যে অলিম্পিক সময়মতে আয়োজন কৰিবলৈ জাপান চৰকাৰ দৃঢ়বদ্ধ আৰু সেই অনুসৰি চৰকাৰে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি অব্যাহত ৰাখিছে৷ এইক্ষেত্রত তেওঁলোকে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাখৰ সৈতে সমন্বয় বর্তাই ৰাখি অলিম্পিকৰ প্রস্তুতি চলাই আছে৷ অলিম্পিক বাতিল হ’ব বুলি প্রকাশ পোৱা সংবাদক ভুৱা বুলিও প্রধানমন্ত্রী ছুগাই আখ্যা দিয়ে৷উল্লেখ্য যে ক’ভিডে পুনৰ জাপানত জটিল পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে কিছুদিন পূর্বে আই অ’ চিৰ মুৰব্বী থমাছ বাখৰ সৈতে প্রধানমন্ত্রী ছুগাৰ এখন গোপন বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত দুয়ো পক্ষই সর্বসন্মতিক্রমে আগন্তুক টকিঅ’ অলিম্পিক বাতিলৰ সিদ্ধান্তত উপনীত হোৱা বুলি জাপানৰ সংবাদ মাধ্যমে বাতৰি প্রকাশ কৰিছিল৷ মহামাৰীৰ বাবে বিগত বর্ষত স্থগিত হোৱা টকিঅ’ অলিম্পিক এইবাৰ জুলাই–আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছে৷
No comments