Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাৰ্ঘেৰিটা টিপঙত পৃথকে পৃথকে মে-ডাম-মে ফী উদযাপন

গণ বার্তা, লেখাপানী, ১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু টিপংতো  দেওবাৰে  দিনজোৰা কাৰ্য্যসূচীৰে পৃথকে পৃথকে আহোম...


গণ বার্তা, লেখাপানী, ১ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰু টিপংতো  দেওবাৰে  দিনজোৰা কাৰ্য্যসূচীৰে পৃথকে পৃথকে আহোম জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা ৰীতি নীতি অনুসৰি  মে ডাম মে ফী উৎসৱ পালন কৰা হয়। মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন জাতীয় সংগঠন আৰু সকলো ৰাইজৰ উদ্যোগত আৰু টাই আহোম যুৱ পৰিষদৰ লগতে টিপং বাসী ৰাইজৰ সহযোগত টিপঙত আৰু মাৰ্ঘেৰিটা অঞ্চলৰ উলুপত অনুষ্ঠানটো  অতি উলহ মালহেৰে পালন কৰা দেখা যায়। অনুষ্ঠানৰ আৰম্ভণিতে ধৰ্ম্ম ধ্বজা উত্তোলন, টাই আহোম জাতীয় সংগীত পৰিৱেশন, মৈডাম তৰ্পণ,আই চিং লাও পৰিবেশন, চাওঁ লুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন আৰু বন্তি প্ৰজ্বলনেৰে স্বৰ্গদেউ চ্যুকাফাক সেৱা আগবঢ়াই ।  টাই আহোম জনগোষ্ঠীৰ জ্ঞাতি বৰ্গই লগ লাগি সম্পূৰ্ণ টাই আহোম পৰম্পৰাৰে বিশ্ব শান্তি আৰু আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে উপৰিপুৰুষ সকলক স্মৰণ কৰা হয়। উক্ত  অনুষ্ঠানত ভালে সংখ্যক বিশিষ্ট ব্যক্তি মাৰ্ঘেৰিটা অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰে ।


No comments