Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০২২ৰ শীতকালীন বেইজিং অলিম্পিক বহিস্কাৰ কৰাৰ আহ্বান ১৮০ মানৱঅধিকাৰ সংগঠনৰ

বেইজিং, ৭ফেব্ৰুৱাৰী: চীনৰ ৰাজধানী বেইজিঙত ২০২২ত আয়োজন হ'ব শীতকালীন অলিম্পিক। চীনত ২০২২ৰ শীতকালীন অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে দেশখনৰ বিৰু...


বেইজিং, ৭ফেব্ৰুৱাৰী: চীনৰ ৰাজধানী বেইজিঙত ২০২২ত আয়োজন হ'ব শীতকালীন অলিম্পিক। চীনত ২০২২ৰ শীতকালীন অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে দেশখনৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠিছে। ১৮০ মানৱঅধিকাৰ সংগঠনে বিশ্বৰ চৰকাৰসমূহক বেইজিঙৰ শীতকালীন অলিম্পিক বহিস্কাৰ কৰিবলৈ আহ্বান জনাইছে।  এই সংগঠনসমূহে প্ৰকাশ কৰিছে যে চীনত সংখ্যালঘু লোকসকলৰ মানৱঅধিকাৰ খৰ্ব কৰা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি চীনত বাস কৰা সংখ্যালঘু সাম্প্ৰদায়ৰ এটা গ্ৰুপে এই সম্পৰ্কত ৰাজহুৱা পত্ৰ লিখিছে। এই গ্ৰুপত তিব্বতী, বিগৰ মুছলিম, হংকংৰ লোক আছে। এই পত্ৰত বিশ্বৰ দেশসমূহক কোৱা হৈছে যে তেওঁলোকে চীনৰ শীতকালীন অলিম্পিক বহিস্কাৰ কৰক। এইটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰক যে চীন চৰকাৰে সংখ্যালঘু লোকৰ মানৱঅধিকাৰ হনন কাৰ্যৰ বিৰোধী। লগতে এই পত্ৰত এইটোও কোৱা হৈছে যে সংখ্যালঘু লোকৰ ওপৰত চীন চৰকাৰে চলাই অহা অত্যাচাৰ সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিক অৱগত কৰা হৈছে। পত্ৰত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিক ২০০৮ত এই বিষয়ে অৱগত কৰাৰ পিছতো বেইজিং অলিম্পিক আয়োজন কৰিছিল। তেওঁলোকে আমাৰ কথা শুনিবলৈ অস্বীকাৰ কৰি কৈছিল যে এই ক্ৰীড়া সমাৰোহৰদ্বাৰা মানৱঅধিকাৰত পৰিবৰ্তন আহিব। কিন্তু বাস্তৱত সেইটো হোৱা দেখা নগ'ল। মানৱঅধিকাৰ বিশেষজ্ঞই কয় যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ২০০৮ৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হৈছে। চীনৰ মানৱ অধিকাৰ ৰেকৰ্ড নিম্ন পৰ্যায়লৈ পাইছে আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ দুগুণ হাৰত বৃদ্ধি পাইছে। পত্ৰত কোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে সকলো জানিও চীনৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ পৰা বিৰত আছে। সেই বাবে বিশ্বৰ চৰকাৰসমূহে চীনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু ২০২২ৰ অলিম্পিক বহিস্কাৰ কৰিব লাগে। 

No comments