Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জামলাই-কল্যাণপুৰ গাওঁ পঞ্চায়তত উন্নয়নমূলক কামেৰে অভিলেখ গঢ়িলে সভানেত্ৰী ৰেজিয়া ছুলতানাই

গণ বাৰ্তা, ধূপধৰা,২ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত একেদিনাই কেবাখনো উন্নয়নমূলক কামৰ আধাৰশিলা মুকলি কৰি এক চমক চিষ্টি কৰিলে...


গণ বাৰ্তা, ধূপধৰা,২ ফেব্ৰুৱাৰীঃ সমাগত বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত একেদিনাই কেবাখনো উন্নয়নমূলক কামৰ আধাৰশিলা মুকলি কৰি এক চমক চিষ্টি কৰিলে এইবাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪২ নং জামলাই-কল্যাণপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেজিয়া ছুলতানাই ৷ আজি পঞ্চায়তটোৰ বিদ্যানগৰ, কল্যাণপুৰ, বাঘমাৰা, ভিটাপাৰা আদি কৰি কেৱাখনো ঠাইৰ বিগত সময়ছোৱাত বিভিন্ন ৰাজনৈতিক মেৰপাক হৈ নুঠা কেৱাটাও গুৰুত্বপূৰ্ণ কামৰ শুভ উদ্ধোধন কৰিলে যুৱ নেত্ৰী ৰেজিয়া ছুলতানাই ৷ পঞ্চায়তটোৰ দীৰ্ঘদিনৰে পৰা ৰাস্তাৰ-ঘাটৰ সমস্যা কে ধৰি একাধিক চৰকাৰী বিদ্যালয়ৰ দেৱালৰ সমস্যাত ভোগি আহিছিল যদিও অতদিনে সেয়া সম্ভৱ হৈ উঠা নাছিল ৷ অঞ্চলবাসী ৰাইজে উক্ত সমস্যা সমূহৰ স্হায়ী সমাধান বিচাৰি সভানেত্ৰী ৰেজিয়া ছুলতানক বাৰম্বাৰ দাবী জনাই আহিছিল ৷ অৱশেষত ৰাইজৰ দাবীক সন্মান জনাই আজি উল্লিখিত সমস্যা সমূহৰ স্হায়ী সমাধানৰ উদ্দেশ্য একেদিনাই অভিলেখ সংখ্যক উন্নয়ন মূলক কামৰ মাংঙ্গলিক আয়োজনেৰে আধাৰশিলা স্হাপন কৰি এক চমক চিষ্টি কৰিলে জামলাই-কল্যাণপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেজিয়া ছুলতানাই ৷ এক ভাষণ প্ৰসংগ সভানেত্ৰী ৰেজিয়াই কয়__ জামলাই-কল্যাণপুৰ গাওঁ পঞ্চায়তত উন্নয়নমূলক কাম কৰিবলগীয়া বহুত আছে আৰু অনাগত দিনত ৰাইজৰ স্বাৰ্থত তেওঁ কাম কৰি যাব ৷ কেৱল কাম সমূত নিয়োজিত লোক সকলক দুৰ্নীতিৰ নকৰিবলৈ আহ্বান জনাই ৷ কাম সমূহত যাতে কোনোধৰণৰ খেলেমেলি নহয় তাৰ বাবে স্হানীয় ৰাইজক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাই৷ প্ৰতিটো কাম ভালকৈ ৰাইজৰ মতে ভাল হলেহে তেখেতে পঞ্চায়তত যেনেকৈ নহওক চৰকাৰৰ ফালৰ পৰা উন্নয়ন মূলক কাম আনিব ৷ তেওঁ আৰু কয় আগৰ সভাপতি সকলে কেৱল মাত্ৰ ৰাইজক ঠগিলে, আত্মহাৎ কৰিলে যাৰ বাবে ৰাইজে তেওঁক সভাপতিৰ আষণত ভোট দি বহুৱালে গতিকে কোনোৱাই হিংসা কৰক, বেয়াপাওক কৱলগীয়া নাই তেওঁ জামলাই-কল্যাণপুৰ গাওঁ পঞ্চায়তত ৰাইজৰ বাবে উন্নয়ন কৰি যাৱ ৷ আজিৰ এই মাংগলিক অনুষ্ঠান উপস্থিত থাকে যুৱ নেতা আব্দুল ৰেজ্জাক, নগৰবেৰাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিষ্ণু বসুমতাৰী, Time8 নগৰবেৰাৰ সাংবাদিক জাকিৰ হুছাইন মণ্ডল, কল্যাণপুৰ গাওঁৰ সমাজসেৱক আকিনুৰ ইছলাম, ময়নুল হক, জয়নাল আবেদিন, ওৱাৰ্ড সদস্য মিয়াৰ আলী, আব্দুল গফুৰ, আব্দুল মানিক আদিকৰি ভালেসংখ্যক গণ্য মান্য ব্যাক্তি উপস্থিত থাকে।

No comments