Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঐতিহ্যমণ্ডিত মালিকুছি শ্যামৰাই সত্ৰৰ নৱনির্মিত মন্দিৰ উদ্বোধন

ষ্টাফ ৰিপ'ৰ্টাৰ,  নলবাৰী, ২৫ ফেব্ৰুৱাৰীঃ চৰকাৰ অথবা ৰাজনৈতিক পৃষ্ঠপোষকতা, মন্ত্ৰী বিধায়কৰ অনুদান নোহোৱাকৈ নলবাৰী জিলাৰ মালিকুছিত অৱস্থি...


ষ্টাফ ৰিপ'ৰ্টাৰ, 
নলবাৰী, ২৫ ফেব্ৰুৱাৰীঃ চৰকাৰ অথবা ৰাজনৈতিক পৃষ্ঠপোষকতা, মন্ত্ৰী বিধায়কৰ অনুদান নোহোৱাকৈ নলবাৰী জিলাৰ মালিকুছিত অৱস্থিত ঐতিহ্যমণ্ডিত শ্যামৰাই সত্ৰত এগৰাকী দুৰ্ভগীয়া পিতৃ মাতৃয়ে অকালতে এই পৃথিৱীৰ মায়া এৰি গুচি যোৱা একমাত্ৰ পুত্ৰৰ স্মৃতিত প্ৰায় ৩৫ লাখ টকা ব্যয়েৰে নতুনকৈ নিৰ্মান কৰি উলিওৱা শ্যামৰাই মন্দিৰটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে মালিকুছি গাঁৱৰ অজিত শৰ্মা আৰু নীলিমা দেৱীৰ একমাত্ৰ পুত্ৰ ভাস্কৰজ্যোতি শৰ্মা( মইনা)ৰ তিনিবছৰ পূৰ্বে অকাল বিয়োগ ঘটিছিল। ভাস্কৰৰ অকাল বিয়োগত দগ্ধ পিতৃ মাতৃয়ে পুত্ৰৰ স্মৃতি যুগমীয়া কৰাৰ বাবে সত্ৰ পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে উক্ত মন্দিৰটো আতকধুনিয়াকৈ আধুনিক ৰূপত নিৰ্মান কৰি দিয়ে। আজি পুৱাৰ ভাগত প্ৰভাত ফেৰীৰে মন্দিৰ উদ্বোধনী কাৰ্যসূচী আৰম্ভ কৰা হয়। পুৱা এঘাৰ বজাত মন্দিৰৰ দ্বাৰ মুকলি কৰে দাঁতা অজিত শৰ্মাই আৰু ইয়াৰ পিছতে বন্তি প্ৰজ্বলন আৰু স্মৃতি ফলক উন্মোচন কৰে নীলিমা দেৱীয়ে। মহাপ্ৰভুক মন্দিৰত প্ৰতিষ্ঠা কৰাৰ পিছতেই আৰম্ভ হৈ মাংগলিক হোম। দিনৰ ১২ বজাত অনুষ্ঠিত মন্দিৰ উদ্বোধনী সভাত বিশিষ্ট অতিথিৰূপে ভাগ লৈ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ ডঃ পৰেশ নাথ শৰ্মাই কয় এটা মন্দিৰ অথবা পবিত্ৰ ধৰ্মৰ পৰম্পৰাই মানুহক ধৰ্ম, ৰাজনীতি, সততা আদিৰ সকলো দিশৰ শিক্ষা দিয়ে। এনে ধৰ্মীয় অনুষ্ঠানত লোকগাঁথা, কিংবদন্তি জড়িত থাকে। মন্দিৰ নিৰ্মান সমিতিৰ সভাপতি ভুৱনেশ্বৰ শৰ্মাই বিশদভাবে উদ্দেশ্য ব্যাখ্যা কৰা তথা নগেন শৰ্মা আৰু মনোজ শৰ্মাই আঁত ধৰা মাংগলিক সূচক এই সভাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ চন্দ্ৰ বৰ্মন, শিক্ষাবিদ ফণীধৰ ডেকা, মহানন্দ তালুকদাৰ, সমাজকর্মী ভূপেন শৰ্মা আদিয়েও ভাষণ দিয়ে। এই সভাতে মন্দিৰদাঁতা অজিত শৰ্মা, নীলিমা দেৱীক গামোচা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে আদৰণি জনোৱা হয়। অগণন ভক্ত ৰাইজ উপস্থিত থকা সভাখনত মন্দিৰ নিৰ্মাণত ব্ৰতী শ্ৰমিক সকলকো সম্বৰ্ধনা জনোৱা হয়।

No comments