মাইনু মৰাণ: ডুমডুমা, ৪ ফেব্ৰুৱাৰীঃ ’দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি শাসিত ...
মাইনু মৰাণ: ডুমডুমা, ৪ ফেব্ৰুৱাৰীঃ ’দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি শাসিত ৰাজ্য চৰকাৰখনত দুৰ্নীতিগ্ৰস্থ আমোলা বিষয়াৰ দপদপনি আজিও অব্যাহত আছে ৷ " এই অভিযোগ আছুৰ সাংস্কৃতিক সম্পাদক বিনয় ডুবে’ৰ ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাইৰ নেতৃত্বত আছু’ৱে জিলাখনৰ ডুমডুমা বন প্ৰাধিকাৰী কাৰ্যালয়ত আজি দুপৰীয়া দুৰ্নীতিগ্ৰস্থ বন বিষয়াৰ বিৰুদ্ধে ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছু’ৰ কেন্দ্ৰীয় নেতা বিনয় ডুবেই এনেদৰে কোৱাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱালৰ আমোলতে ৰাজ্যত অবাধ বন ধবংস যজ্ঞ চলি আছে বুলি কয় ৷ বিজেপি দলৰ চৰকাৰে আজিলৈকে কাঠ, কয়লা, শিল, বালি, মাটিৰ চোৰাং সৰৱৰাহ ৰোধ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে। তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যত এতিয়াও কমিচনৰাজ চলিয়েই আছে বুলি উল্লেখ কৰি আছু’য়ে অভিযোগ উত্থাপন কৰে। তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডল কাৰ্যালয়ত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আজি দুপৰীয়া দুৰ্নীতিগ্ৰস্থ বন বিষয়াৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে বনাঞ্চল ধবংস ৰোধ কৰাৰ লগতে কাঠ, কয়লা, শিল, বালি, মাটি’ৰ চোৰাং সৰৱৰাহ বন্ধ কৰাৰ দাবী তোলে ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগটোৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জ্ঞাততে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত দুৰ্নীতিগ্ৰস্থ বিষয়াই আটাইকেইখন সংৰক্ষিত বনাঞ্চল ধবংস যজ্ঞ চলোৱাৰ লগতে কাঠ, বালি, শিল, কয়লা, মাটি মাফিয়াৰে কমিচনৰাজ চলাই যোৱাৰ অভিযোগ তুলি আছু’ৰ সদস্যসকলে বন প্ৰাধিকাৰী কাৰ্যালয়টোৰ প্ৰৱেশদ্বাৰত বিক্ষোভ প্ৰদৰ্শন কৰি চৌপাশ উত্তাল কৰি তোলে ৷ অৰুণাচল প্ৰদেশৰ পৰা সৰৱৰাহ কৰা চোৰাং কয়লা ভৰ্তি ট্ৰাকসমূহক তিনিচুকীয়া জিলাত প্ৰৱেশ কৰাৰ কিদৰে আৰক্ষীয়ে অনুমতি দিয়ে বুলি ক্ষুব্ধ আছু সদস্যসকলে সৰৱ হৈ পৰে ৷ ক্ষুব্ধ হৈ পৰা আছু’ৰ সদস্যসকলে ডুমডুমা নদী, ডিব্ৰু নদী আৰু ইয়াৰ উপ নৈ’ সমূহত ডুমডুমা বন সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্থ বন বিষয়াক মেনেজ কৰি অসাধু বালি ব্যৱসায়ীসকলে দিনে শিনাই অবাধ বালি খনন কাৰ্য চলাই থকা বিষয়ে উল্লেখ কৰি বে-আইনীভাৱে মাটি খনন কাৰ্য চলোৱা বুলিও মুকলি অভিযোগ উত্থাপন কৰে ৷
No comments