Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীত সুস্থ পৰিয়াল সুস্থ সমাজ শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানৰ সামৰণি অনুষ্ঠান সম্পন্ন

  গণবাৰ্তা,হাউলী/গুৱাগাছা/কয়াকুছি,২৮ ফেব্ৰুৱাৰীঃ জামাত-ই-ইছলামী হিন্দ,নামনি অসম সংমণ্ডলৰ উদ্যোগত সুস্থ পৰিয়াল সুস্থ সমাজ ৰাষ্ট্ৰীয় অভিযান ১...

 


গণবাৰ্তা,হাউলী/গুৱাগাছা/কয়াকুছি,২৮ ফেব্ৰুৱাৰীঃ জামাত-ই-ইছলামী হিন্দ,নামনি অসম সংমণ্ডলৰ উদ্যোগত সুস্থ পৰিয়াল সুস্থ সমাজ ৰাষ্ট্ৰীয় অভিযান ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী লৈ মুঠ দহ দিনীয়া কাৰ্যসূচীৰে নামনি অসমৰ বিভিন্ন ঠাইত সভা-সমিতি, ফোলডাৰ,পুস্তিকা,ষ্টিকাৰ বিতৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে | এই দহ দিনীয়াৰ অন্তিম খন কাৰ্যসূচী ৰবিবাৰে দিনৰ ১০ বজাত হাউলী সাহিত্য সভা ভৱন প্ৰাঙ্গণত জামাত-ই-ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক তথা সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত হয় | উক্ত সামৰণি ৰাজহুৱা সভাত উদ্বোধনী ভাষণ আগবঢ়ায় বি,বি,কিষাণ কলেজৰ সহযোগী অধ্যাপক ড০ দেৱান নজৰুল কাদিৰে | সভাত অৱসৰপ্ৰাপ্ত জিলা আৰু ছেচন ন্যায়াধীশ ইক্ৰামুল হুছেইন, জামাত-ই-ইছলামী হিন্দৰ মহিলা গোটৰ ৰাজ্যিক সম্পাদিকা জাহিদা বাতুল, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডুলুমনি দাস আদিয়ে উপস্থিত থাকি সুস্থ পৰিয়াল সুস্থ সমাজ শীৰ্ষক বিষয় বস্তুৰ ওপৰত ইছলামিক দৃষ্টিভঙ্গীৰে স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক,পাৰস্পাৰিক বুজাবুজি,পিতৃ-মাতৃ আৰু সন্তানৰ মাজত সু সম্পৰ্ক, সন্তানৰ সু চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ গুৰুত্ব আদিৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায় | উক্ত অনুষ্ঠানত হাউলী অঞ্চলৰ প্ৰায় তিনি শতাধিক পুৰুষ - মহিলাই উপস্থিত থাকে |

No comments