Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জলেশ্বৰৰ কাটাৰীহাৰাত অনুষ্ঠিত হয় কংগ্ৰেছৰ “ অসম বচাও অভিযান”

গণবাৰ্তা জলেশ্বৰ, ২৫ফেব্ৰুৱাৰী : “ কা” আমাক নালাগে¸“কা” আমি নামানো আদি শ্লোগানেৰে নিশা উত্তাল হল গোৱালপাৰা জিলাৰ জলেশ্বৰ । নিশা জলেশ্বৰৰ কাট...


গণবাৰ্তা জলেশ্বৰ, ২৫ফেব্ৰুৱাৰী
: “ কা” আমাক নালাগে¸“কা” আমি নামানো আদি শ্লোগানেৰে নিশা উত্তাল হল গোৱালপাৰা জিলাৰ জলেশ্বৰ । নিশা জলেশ্বৰৰ কাটাৰীহাৰাত অনুষ্ঠিত হয় কংগ্ৰেছৰ “ অসম বচাও অভিযান” । অভিযানত অংশ গ্ৰহণ কৰে প্ৰক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুচাইন । প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে জলেশ্বৰৰ অসম বচাও অভিযানত অংশ গ্ৰহণ কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় জলেশ্বৰৰ পৰাই আৰম্ভ বি জে পিৰ পতন হব । আগন্তক বিধান সভা নিৰ্বাচনত অসমত মহাজোঁট বন্ধনৰ চৰকাৰ হোৱাটো নিশ্চিত । শদিয়াৰ পৰা ধুবুৰীলৈ সকলো ৰাইজে বি জে পিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে । শ্বাসৰুদ্ধকৰ পৰিবেশত মানুহ আজিৰ দিনটোলৈ বাট চাই আছিল । আজি সেইটো আহিছে গতিকে বি জে পিৰ পতন অনিবাৰ্য্য । মানুহ হিলদল ভাঙি ওলাই আহিছে আগন্তক নিৰ্বাচনত ১০১খন আসন লাভ কৰি মহাজঁটৰ চৰকাৰ হব । জলেশ্বৰত অনুষ্ঠিত অসম বচাও অভিযানৰ অন্তত মন্ত্ৰী গৰাকীয়ে জলেশ্বৰ পালপাৰাত উপস্থিত হৈ বেংগলী সমিপদায়ৰ লোক সকলোক সাক্ষাৎ কৰে । মন্ত্ৰী গৰাকীৰ সাক্ষাৎত উৎফল্লিত হৈ পৰে বেংগলী সম্প্ৰদায়ৰ লোক সকল ।“ কা ” বাতিল কৰাৰ দাবীত প্ৰায় শতাধিক লোকে গামোছাত “ কা ” আমাক নালাগে বুলি প্ৰতিবাদ জনাই প্ৰায় শতাধিক গামোছা প্ৰাক্তন মন্ত্ৰী গৰাকীকক অৰ্পণ কৰে জলেশ্বৰৰ পৰা জহুৰুল ইছলাম মোল্লা।

No comments