মাইনু মৰাণ, ডুমডুমা, ৫ফেব্ৰুৱাৰীঃ আজি পেট্ৰল,ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ ...
মাইনু মৰাণ, ডুমডুমা,৫ফেব্ৰুৱাৰীঃ আজি পেট্ৰল,ডিজেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া জিলা খনৰ বিভিন্ন স্হানত তিনিচুকীয়া,মাকুম,বৰডুবি,ডুমডুমা, মাৰ্ঘেৰিটা,ডিগবৈ,টিৰাপ-জাগুন,কাকপথাৰ, ফিল'বাৰী,পেঙেৰী-বৰডুমচা,শদিয়া আঞ্চলিক সমিতিৰ সমূহে ভাৰতৰ প্ৰধানমন্ত্ৰী,পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। তিনিচুকীয়া চহৰত তিনিচুকীয়া,মাকুম, বৰডুবি, আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি কণ গগৈ, সাংগঠনিক সম্পাদক মনোজ বড়া,নিযুত দুৱৰা, সাংস্কৃতিক সম্পাদক সুনিল বৰা,সদস্য নিকুন্জ চুতীয়া, ৰিংকু বৰাই উপস্হিত আছিল।ডুমডুমা চহৰত ডুমডুমা আঞ্চলিক সমিতিয়ে প্ৰতিকৃতি কাৰ্যসূচী ৰূপায়ন কৰে।ডিগবৈত মাৰ্ঘেৰিটা,ডিগবৈ, টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা, উপ-সভাপতি যদু সোনোৱাল,সদ্স্য ঘনকান্ত গগৈয়ে উপস্থিত আছিল। শদিয়া আঞ্চলিক সমিতিয়ে শদিয়াত কাৰ্যসূচী ৰূপায়ন কৰে।ফিল'বাৰী আঞ্চলিক সমিতিয়ে ফিল'বাৰীত প্ৰতিবাদ সাব্যস্ত কৰে। কাকপথাৰ আঞ্চলিক সমিতিয়ে কাকপথাৰ টাউনত ভাৰতৰ প্ৰধানমন্ত্ৰী, পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে।পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে বৰডুমচাত প্ৰতিকৃতি কাৰ্যসূচী ৰূপায়ন কৰে। বৰ্তমান বিজেপি চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰে সাধাৰণ লোকক বাৰুকৈয়ে জীয়াতু ভূগাইছে বুলি উল্লেখ কৰি বিজেপিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দি কয় যে, পেট্ৰল,ডিজেল মূল্য বৃদ্ধি কৰি জনসাধাৰণক বাৰুকৈয়ে বিপাঙত পেলাইছে। পুঁজিপতিক গুৰুত্ব দিয়া চৰকাৰখনক এইবাৰ ৰাইজে এষেকাৰ দিব এইটো খাটাং। শীঘ্ৰে যদি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী,পেট্ৰল,ডিজেলৰ মূল্য হ্ৰাস নকৰে তেনেহলে আমি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম। কাৰ্যসূচী সমূহত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক,পেট্ৰল,ডিজেলৰ দাম হ্ৰাস কৰক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হুচিয়াৰ আদি একাধিক শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলা বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই জানিবলৈ দিছে।
No comments