ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ১৫ফেব্ৰুৱাৰী: যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান অভিজ্ঞান একাডেমিৰ নৱাগত আদৰণি সভা আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায়...
ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ১৫ফেব্ৰুৱাৰী: যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান অভিজ্ঞান একাডেমিৰ নৱাগত আদৰণি সভা আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সভা কালি অনুষ্ঠিত হয়। একাডেমিৰ অধ্যক্ষ নবীন গোহাঁয়ে বন্তি প্ৰজ্বলনেৰে পুৱা কায্যসূচীৰ শুভাৰম্ভ কৰে ।একাডেমিৰ পৰিচালন সঞ্চালক দীপক চন্দ্ৰ বৰাৰ পৰিকল্পনাৰে পুৱাৰ সমাবেশৰ বক্তব্য সম্বলিত গ্ৰন্থ অভিজ্ঞান- চিন্তাশিল্প উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ অধ্যাপক ড° আবু মহম্মদ ফাৰহান হুছেইনে।আনহাতে প্ৰাচীৰ পত্ৰিকা হাৰমনি উন্মোচন কৰে সুলেখিকা ড° ৰাজশ্ৰী হাজৰিকায়।মনস্তাত্বিক পৰামৰ্শদাতা বিৰাজ দত্তই অংশ গ্ৰহণ কৰা অনুষ্ঠান সামগ্ৰিক ভাৱে পৰিচালনা কৰে শিক্ষয়ত্ৰী সুদক্ষিণা ৰাজগুৰু,মলয়া বৰুৱা আৰু প্রাক্তন ছাত্ৰী শিল্পীকা হাজৰিকায়।আদৰণি সভাত ছাত্র-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।অনুষ্ঠানত কোৰো'না কালত অনলাইনত আৰু অন্যান্য সময়ত অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰষ্কাৰ প্ৰদান কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰদান কৰা হেম দত্ত সোঁৱৰণী শ্রেষ্ঠ শিক্ষাৰ্থী বঁটা ঋতুৰাজ বৰাই,শ্রেষ্ঠ নিমানুৱর্তীতা বঁটা নিলোৎপল দাস আৰু শ্রেষ্ঠ সৃষ্টিশীল ছাত্ৰৰ বঁটা কৌশিক কাশ্যপে লাভ কৰে।বঁটাসমূহ প্ৰদান কৰে দাতা পৰিয়ালৰ দীপক দত্তই।
No comments