Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাণিকপুৰত স্কুটীৰ খুণ্ডাত আহত মহিলাৰ চিকিৎসালয়ত মৃত্যু

  গনবাৰ্তা , মাণিকপুৰ,১৭ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এক পথ দুৰ্ঘটনা সংঘটি...

 


গনবাৰ্তা , মাণিকপুৰ,১৭ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় | জানিব পৰা মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপ-পথত এই দুৰ্ঘটনা সংঘটিত হয় | দুৰ্ঘটনাটোত এখন স্কুটীয়ে দুই মহিলা পথচাৰীক খুণ্ডিয়াৰ ফলত গুৰুতৰ ভাৱে হয় পুতুলী তালুকদাৰ (৫৫) আৰু চিনু নাথ (৫০) নামৰ দুই মহিলা লগতে আহত হয় স্কুটী আৰোহী বনজিৎ নাথ (২২) নামৰ যুৱক এজন | ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হয় | আহত কেইজনক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ মাণিকপুৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে সিকিৎসকে মহিলা দুগৰাকীৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে | পৰৱৰ্তী সময়ত বৰপেটা চিকিৎসালয়ৰ পৰা মহিলা দুগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ  নিয়ে  যদিও চিনু নাথ নামৰ মহিলা গৰাকীৰ গুৱাহাটী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে | দৰ্ঘটনাগ্ৰস্ত নম্বৰ ফলক নহোৱা  স্ক্ৰুটিখন বৰ্তমান আৰক্ষীৰ জিম্মাত আছে | দুৰ্ঘটনা সংঘটি কৰা যুৱ জনৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ  নাই। ইপিনে  নয়নিকা মজুমদাৰ নামৰ বৰপেটা জিলাৰ অধিবক্তা এগৰাকীয়ে  মাণিকপুৰ আৰক্ষী থানাৰ   উপ- পৰিদৰ্শক ধৰ্মেন্দ্ৰ নাথৰ লগত গোপন বুজা বুজি কৰি, দূৰ্ঘটনা সংগঠিত কৰা স্কুটি চালকৰ সকলো ঘটনা গোপন ৰাখি অনুজ্ঞাপত্ৰ থকা অন্য ব্যক্তিক  দুৰ্ঘটনাটো সংঘটিত কৰা বুলি প্ৰক্ষেপ কৰি দোষীক সুৰক্ষা দিয়াৰ লগতে বিমা হস্তগত কৰাৰ এক অভিসন্ধি ৰচনা কৰিছে। যদি এয়াই হয় তেতিয়াহলে দিনক ৰাতি আৰু ৰাতিক দিন কৰা হব। এতিয়ালৈকে আৰক্ষীয়ে বিশেষ ভুমিকা গ্ৰহন কৰা দেখা নাই। ন্যায় পাবনে মৃত ব্যক্তিৰ পৰিয়ালে। এতিয়া প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হব!

No comments