গণ বাৰ্তা, ডুমডুমা,১১ ফেব্ৰুৱাৰী: সুদক্ষ আৰক্ষী বিষয়া, বিশিষ্ট গল্পকাৰ, পৰিদৰ্শক দিব্যজ্যোতি দত্ত তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ নতুন...
গণ বাৰ্তা, ডুমডুমা,১১ ফেব্ৰুৱাৰী: সুদক্ষ আৰক্ষী বিষয়া, বিশিষ্ট গল্পকাৰ, পৰিদৰ্শক দিব্যজ্যোতি দত্ত তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। চাহ নগৰী ডুমডুমাৰ আইন শৃংখলা পৰিবেশ সুস্থ কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, এগৰাকী সৎ আৰু সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত দিব্যজ্যোতি দত্তই ইয়াৰ পূৰ্বে লখিমপুৰৰ জি আৰ পি ত কৰ্মৰত আছিল। অন্যহাতে যোৰহাটত কৰ্মজীৱনৰ পাতনি মেলি বোকাখাট,ডিব্ৰুগড় তিনিচুকীয়া, বৰডুমছা, মাকুম আদিত কাৰ্য সম্পাদন কৰা দিব্যজ্যোতি দত্তই চি আই ডি তো কাৰ্যনিৰ্বাহ কৰিছিল। পূৰ্বতে অবৈধ মদ-জুৱাৰ আড্ডাৰ বিৰুদ্ধে গৰজি বিহীত পদক্ষেপ গ্ৰহণ কৰি নজিৰ সৃষ্টি কৰিছিল। এগৰাকী সমাজ সেৱক ৰূপেও নাম থকা দিব্যজ্যোতি দত্ত এগৰাকী গল্পকাৰ হিচাপেও সাহিত্য জগতলৈ বৰঙণি যোগাই আহিছে।
No comments