গণবাৰ্তা বিশেষ, যোৰহাট, ৯ ফেব্ৰুৱাৰী: যোৰহাট চহৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা চুৰি কাণ্ডই সৰ্বসাধাৰণ ৰাইজৰ টোপনি হৰাৰ সময়তে যোৰহাট আৰক্ষীয়ে লাভ ...
গণবাৰ্তা বিশেষ, যোৰহাট, ৯ ফেব্ৰুৱাৰী: যোৰহাট চহৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা চুৰি কাণ্ডই সৰ্বসাধাৰণ ৰাইজৰ টোপনি হৰাৰ সময়তে যোৰহাট আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে তিনিটা দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰ কেইটাৰ পৰা বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা চোৰ কেইটা হৈছে হাজৰত আলি, চাইদুৰ ৰহমান আৰু ৰফিকুল ইছলাম। ইয়াৰে হাজৰত আৰু ৰফিকুল ৰ ঘৰ শোণিতপুৰৰ হোৱাৰ বিপৰীতে আনটো চোৰ চাইদুৰ ৰহমান ৰ ঘৰ নগাওঁ জিলাত। আৰক্ষীয়ে চোৰ কেইটাৰ পৰা ১৬ টা বিভিন্ন কোম্পানীৰ সৰু ডাঙৰ মোবাইল ফোন, যথেষ্ট পৰিমাণৰ সোণ ৰূপৰ গহনা, অসমীয়া কেঁচা সোনৰ গহনা, ব্লেঙ্ককেত, বহু পৰিমাণৰ ব্ৰেণ্ডেড কাপোৰ, কাঁহৰ বাচন বৰ্তন, নগদ ১২ হাজাৰ ৫০০ টকা, আৰু এখন কলা ৰঙৰ পালচাৰ ১৫০ বাইক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে , যোৰহাট সদৰ থানাত পঞ্জীভূত ১৫৭/২০২১ নম্বৰৰ এটা গোচৰৰ ভিত্তিত আই এম ই আই নম্বৰৰ আধাৰত অনুসন্ধান চলাই যোৰহাট সদৰ থানা ৰ আৰক্ষী আৰু লিচুৱাৰী আৰক্ষীয়ে যোৱা নিশা যোৰহাট নগৰৰ মাজমজিয়াৰ ফাঁচি আলি আৰু পূজাদুবি অঞ্চলত পৃথকে অভিযান চলাই দুটা ভাড়াঘৰ ৰ পৰা চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে চোৰ কেইটাই দীৰ্ঘদিন ধৰি যোৰহাট ত ভাড়াঘৰ ত বাস কৰি এইদৰে চুৰি কাৰ্য্য সংঘটিত কৰি আহিছিল। চোৰ কেইটাই যোৰহাট ত নিজকে বিভিন্ন কামত নিয়োজিত কৰি দীৰ্ঘদিন ধৰি এই চুৰি কাণ্ড সমূহ সংঘটিত কৰি আহিছিল । চোৰ কেইটাই টাইলচৰ মিস্ত্রী, ভগা চিগা লোহাৰ সামগ্ৰী সংগ্ৰহ কৰাৰ কামত নিজক নিয়োজিত কৰিছিল আৰু ইয়াৰ বাবেই তেওঁলোকে টাৰ্গেট কৰি লৈছিল তেওঁলোকে কাম কৰা বিভিন্ন মানুহৰ ঘৰ। বৰ্তমান যোৰহাট আৰক্ষীয়ে চোৰ কেইটাৰ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে চোৰ কেইটাক কৰা শোধ পোচ ৰ অন্তত অধিক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
No comments