Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপেটা জিলাৰ চান্দমামাত অসমীয়া সাহিত্য সন্মিলনীৰ দুদিনীয়া জিলা অধিবেশনৰ সফল সামৰণি

বৰপেটা, ১৯ ফ্ৰেব্ৰুৱাৰী: ভাষা-সাহিত্য কেন্দ্ৰিক সংগঠন অসমতেই আটাইতকৈ বেছি। অথচ অসমীয়া ভাষাটোয়েই আজি সংকটৰ গৰাহত। বৰপেটা জিলাৰ চান্দমামাত  ...


বৰপেটা, ১৯ ফ্ৰেব্ৰুৱাৰী: ভাষা-সাহিত্য কেন্দ্ৰিক সংগঠন অসমতেই আটাইতকৈ বেছি। অথচ অসমীয়া ভাষাটোয়েই আজি সংকটৰ গৰাহত। বৰপেটা জিলাৰ চান্দমামাত  যোৱা ১৬ ফেব্ৰুৱাৰীত সামৰণি পৰা অসমীয়া সাহিত্য সন্মিলনীৰ জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিবেশনত মাতৃভাষা প্ৰেমী বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে ভাষাৰ সংকট আতৰাবলৈ হলে প্ৰতিজন অসমীয়া নিজ ভাষাটোৰ প্ৰতি অধিক দায়বদ্ধ হব লাগিব। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰতিজন অসমীয়াই নিজৰ সন্তানক অসমীয়া মাধ্যমত শিক্ষাদান কৰাৰ প্ৰতি আগ্ৰহী হব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে। যোৱা ১৫  ফ্ৰেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিৱেশনৰ ১৬ ফ্ৰেব্ৰুৱাৰীৰ সন্ধিয়া অনুষ্ঠিত মুকলি অধিৱেশনত শৰ্মাক এই বঁটা অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ড: সাগৰ বৰুৱা আৰু জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে যুটীয়া ভাৱে প্ৰদান কৰে। অধিবেশন উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "সমন্বয় সমাহাৰ" খনো শৰ্মাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। সন্মিলনীৰ জিলা সভাপতি শ্বেখ ৰহমত উল্লাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে দিয়া ভাষণত সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি ড: সাগৰ বৰুৱাই এই অধিবেশনত অংশ লৈ অভিভূত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে, বৰপেটা জিলাৰ এই অতি ভিতৰুৱা তথা অনগ্ৰসৰ অঞ্চলটোত আয়োজিত সাহিত্য সন্মিলনীখনৰ ব্যাপক সফলতাই আৰু জন সহাৰিয়ে মোক মুগ্ধ কৰিছে। তেওঁ এই ধৰণৰ চৰ অঞ্চলৰ পৰাই অনাগত দিনত বহুতো অসমীয়া ভাষাৰ লিখক-সাহিত্যিক ওলাব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাত বিধায়ক ৰফিকুল ইছলামে দিয়া ভাষণত কয় যে অসমৰ পমুৱা মুছলমান সকল হাৰে-হিমজুয়ে অসমীয়া। তেওঁলোকৰ নাগৰিকত্ব বা পৰিচয়ক লৈ তুচ্ছ-তাচ্ছিল্য কৰাটো অতিশয় নিন্দনীয় বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।  শিক্ষাৰ মাজেৰে প্ৰতিজন চৰৰ বাসিন্দাকে দায়িত্বশীল নাগৰিকৰ পৰিচয় দাঙি ধৰিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। সভাত আসাম টকছৰ ইনপুট এডিটৰ ভাস্কৰজ্যোতি বৰা আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওমৰ আলীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। এই সভাতে স্থানীয় লিখকৰ দ্বাৰা প্ৰকাশিত ছখন গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত বৃহত্তৰ ম‌ইনবৰী- কলগাছিয়া অঞ্চলৰ কৃষি, সাহিত্য, সাংবাদিকতা, পশুপালন, সংগীত, কলা, শিক্ষা, চিকিৎসা বিজ্ঞান আদি বিষয়ত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ৪০ জন লোকক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। ইফালে চান্দমামা মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অধিবেশন উপলক্ষে সেইদিনা পুৱা চান্দমামাৰ পৰা ম‌ইনবড়ীলৈ প্ৰায় এক কিলোমিটাৰ জোৰা দীঘলীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। প্ৰথম দিনা আলোচনা চক্ৰৰ উপৰি মাৰাথন দৌৰ আৰু ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

Attachments area

No comments