Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উন্নত আৰু কম খৰচী কৃষি কাৰ্যৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মেট নাৰ্ছাৰী প্ৰদৰ্শন

গণবাৰ্তা : আজাৰা , ৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ কৰ্তৃপক্ষই কৃষক সকলে যাতে কম স...


গণবাৰ্তা : আজাৰা , ৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ কৰ্তৃপক্ষই কৃষক সকলে যাতে কম সময়ত , কম খৰচত উন্নত মানৰ কৃষি কৰ্ম কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হব পাৰে তাৰ বাবে মেট নাৰ্ছাৰী পদ্ধতি সাধাৰণ কৃষক সকলৰ মাজত প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে । বিশেষকৈ বছৰটোৰ বাৰ মাহে যাতে যিকোনো বতৰত কঠিয়া বা ভূঁই ৰোপণ কৰিব পাৰে  বাবে কৃষি বিজ্ঞান কেন্দ্ৰই অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প  চমুকৈ  এপাৰ্ট ৰ সহযোগত  নিৰ্মাণ কৰা এই মেট নাৰ্ছাৰী ২ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত হাজোৰ ভেলাবৰী নামৰ গাওঁত এক প্ৰদৰ্শন আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত কেন্দ্ৰৰ এপাৰ্ট প্ৰকল্প আৰু মেট নাৰ্ছাৰীৰ দায়িত্ববাঁহী ডঃ মুনমী বৰাই প্ৰকল্পটোৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ কস্তুৰী গোস্বামী , এপাৰ্টৰ কনিষ্ঠ প্ৰকল্প বিজ্ঞানী কামপিটি চমুৱা , কাৰিকৰী সহায়ক অনন্ত গগৈ , ৰঙিয়াৰ কনিহাৰ উত্তৰণ কৃষি প্ৰডিউচাৰ কোম্পানীৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত ৬৫ জন কৃষকে ভাগ লয় ।

No comments