Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষি কৰ্ম অভিজ্ঞতা আচনি ৰূপায়ন খাৰুপেটীয়াত

গণবাৰ্তা দলগাও ,২৪ ফেব্ৰুৱাৰী :  খাৰুপেটিয়া নিকটৱৰ্তী  বিহুদিয়া গাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ অধীনত "গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনি&q...


গণবাৰ্তা দলগাও ,২৪ ফেব্ৰুৱাৰী
খাৰুপেটিয়া নিকটৱৰ্তী  বিহুদিয়া গাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ অধীনত "গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনি" ৰূপায়ন কৰি থকা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ স্নাতক চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে কৃষকৰ পথাৰলৈ গৈ কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং তথা  এন ই এইচ ( NEH) প্ৰকল্পৰ অধীনত কৰা উন্নত জাতৰ আলু "কুফ্ৰি জ্যোতি"ৰ প্ৰদৰ্শনীমূলক খেতিৰ পথাৰ দিৱস  উদযাপন কৰে । অসম   কৃষি বিশ্ববিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ  ছাত্ৰ ছাত্ৰী সকলে   হাতে-কামে পথাৰত নামি কৃষি সন্দৰ্ভত  বিভিন্ন  তথ্য  সংগ্ৰহ কৰাৰ লগতে কৃষক ৰাইজৰ লগত মত বিনিময় কৰে। উক্ত কাৰ্য্যসূচীত ছাত্ৰছাত্ৰী সকলৰ লগত কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ তৰফৰ পৰা "গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনি"ৰ আঁচনি তত্বাৱধায়ক ডঃ মনোজ কুমাৰ চৌহান, কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙত চলি থকা এন ই এইচ  প্ৰকল্পৰ তত্বাৱধায়ক হেঙুল জ্যোতি শালৈ, বিহুদিয়া গাঁৱৰ প্ৰগতিশীল কৃষক হবিবুৰ ৰহমান আৰু জাহাঙ্গীৰ আলমৰ লগতে  বহু  স্থানীয় কৃষক উপস্থিত থাকে।   উল্লেখযোগ্য যে, অহা চাৰিমাহৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ স্নাতক চুড়ান্ত বৰ্ষৰ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ অধীনত "গ্ৰাম্য কৃষি অভিজ্ঞতা আঁচনি"ৰ জড়িয়তে কৃষক ৰাইজৰ লগত থাকি  ব্যৱহাৰিক জ্ঞান আহৰণ কৰাৰ লগতে কৃষিজীৱি  ৰাইজক বিভিন্ন বিষয়ৰ ওপৰত প্ৰদৰ্শন, প্ৰশিক্ষণ ইত্যাদি প্ৰদান কৰিব।

No comments