Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুপেটা অসম গণ পৰিষদৰ বিশাল কৰ্মী সন্মিলন

সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ ফেব্ৰুৱাৰীঃ "এ আই ইউ ডি এফৰ বিধায়ক হ'লে ভৱানীপুৰত এটাও চাকৰি নাপায়, এন আৰ চিৰ কোনো সুফল নাপাব মুছলমান লোক...


সঞ্জীৱ দাস, ভৱানীপুৰ, ২৮ ফেব্ৰুৱাৰীঃ
"এ আই ইউ ডি এফৰ বিধায়ক হ'লে ভৱানীপুৰত এটাও চাকৰি নাপায়, এন আৰ চিৰ কোনো সুফল নাপাব মুছলমান লোকসকলে" -এই মন্তব্য আজি সৰুপেটাত আগবঢ়ায় অগপ দলৰ যুটীয়া সম্পাদক অমিয় কুমাৰ তালুকদাৰে। আজি সৰুপেটাত অসম গণ পৰিষদ দলৰ এখন বিশাল কৰ্মী সন্মিলন অনুষ্ঠিত হয়। অগপৰ ভৱানীপুৰ বিধান পৰিষদৰ সভাপতি ড° মনোৰঞ্জন দাসে সভাপতিত্ব কৰা বিশাল সভাখনত আদৰণি ভাষণ ৰাখে অগপৰ ভৱানীপুৰ বিধান পৰিষদৰ উপ-সভাপতি প্ৰদীপ কলিতাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে ভৱানীপুৰ বিধান পৰিষদৰ সম্পাদক শৰৎ ডেকাই। আজি সভাত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ভূপেন ৰয়, যুটীয়া সম্পাদক অমিয় কুমাৰ তালুকদাৰ, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱ তালুকদাৰে উপস্থিত থাকি ভাষণত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায়। লগতে সভাত উপস্থিত থাকে অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মুকুট দাস, উপ-সভাপতি অপূৰ্ব দাস, শ্বেলীকে ধৰি ভৱানীপুৰ সমষ্টিত অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী বিপুল কৃষ্ণ দাস, নিকুঞ্জ দাস, মৃনাল কলিতা, অৰবিন্দ্ৰ বৰ্মণকে ধৰি অগপ দলৰ সহস্ৰাধিক বুথৰ কৰ্মীসকল।

No comments