অকলেণ্ড, ৫ ফেব্ৰুৱাৰী: বাংলাদেশ ক্ৰিকেট দলটোৱে সীমিত অভাৰৰ ছিৰিজৰ বাবে নিউজিলেণ্ড ভ্ৰমণৰ আৰম্ভণি এতিয়া ১৩ মাৰ্চৰ পৰিবৰ্তে ২০ মাৰ্চত কৰিব। নি...
অকলেণ্ড, ৫ ফেব্ৰুৱাৰী: বাংলাদেশ ক্ৰিকেট দলটোৱে সীমিত অভাৰৰ ছিৰিজৰ বাবে নিউজিলেণ্ড ভ্ৰমণৰ আৰম্ভণি এতিয়া ১৩ মাৰ্চৰ পৰিবৰ্তে ২০ মাৰ্চত কৰিব। নিউজিলেণ্ড ক্ৰিকেটে এই কথা অৱগত কৰিছে। নিউজিলেণ্ড ক্ৰিকেটে অৱগত কৰা অনুসৰি টি-২০ ছিৰিজ সাধাৰণতে ২৩ৰ পৰা ২৮ মাৰ্চলৈ চলিবলগীয়া আছিল। কিন্তু এতিয়া এই ছিৰিজ ২৮ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ চলিব। এই সময়ছোৱাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নিউজিলেণ্ড মহিলা দলটোৱেও টি-২০ ছিৰিজ খেলিব। নিউজিলেণ্ড ক্ৰিকেটে প্ৰকাশ কৰা অনুসৰি কোৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি সময়সূচী সলনি কৰা হৈছে। দুয়োটা দলৰ মাজত প্ৰথমে এদিনীয়া ছিৰিজ অনুষ্ঠিত হ'ব। প্ৰথমখন এদিনীয়া ২০ মাৰ্চত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৩ মাৰ্চত দ্বিতীয়খন আৰু ২৬ মাৰ্চত তৃতীয়খন অনুষ্ঠিত হ'ব। আনহাতে দুয়োটা দলৰ মাজত প্ৰথমখন টি-২০মেচ ২৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০ মাৰ্চত দ্বিতীয় আৰু ১ এপ্ৰিলত তৃতীয়খন অনুষ্ঠিত হ'ব। আনহাতে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া মহিলা দলৰ মাজত প্ৰথম টি-২০ মেচ ২৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০ তাৰিখে দ্বিতীয় আৰু ১ এপ্ৰিলত তৃতীয়খন অনুষ্ঠিত হ'ব। ইয়াৰ পিছত দুয়োটা দলৰ মাজত এদিনীয়া ছিৰিজ আয়োজন হ'ব। দুয়োটা দলৰ মাজত প্ৰথমখন এদিনীয়া ৪ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ বিপৰীতে ৭ এপ্ৰিলত দ্বিতীয় আৰু ১০ এপ্ৰিলত তৃতীয়খন অনুষ্ঠিত হ'ব।
No comments