Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোকৰাঝাৰত বৃহৎ পৰিমানৰ অস্ত্ৰ-গুলীবাৰুদ উদ্ধাৰ; একে , এইচ কে, ইউবিজিএল চিৰিজৰ দৰে ভয়াৱহ মাৰাণাস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰ, ৩ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবিল এলেকাৰ নাশ্ৰাইবিলৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ অস্ত্...


কোকৰাঝাৰ, ৩ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবিল এলেকাৰ নাশ্ৰাইবিলৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে বৃহৎ পৰিমানৰ অস্ত্ৰ , গুলীবাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।চৰাইবিল এলেকাৰ নাশ্ৰাইবিলত এখন বিলাসী স্কৰপিঅ' (নং  এ এচ ১৬ এ , ৪১৬৭) বাহনৰ পৰা জব্দকৃত অস্ত্ৰ -শস্ত্ৰ , গুলীবাৰুদ সমুহ হ'ল  - পাঁচটা একে ৫৬ ৰাইফল , ৮ টা একে ৫৬ মেগজিন , এইচ কে ৩৩ কে ই এটা , এইচ কে ৩৩ কে ই মেগজিন এটা , ইউবিজিএল এটা , ইবিজিএল চেল ১১ টা , চাইনিজ হেণ্ড গ্ৰেণেড  ৮ টা , একে ৫৬ ৰাইফলৰ সজীৱ গুলী ৩০০ জাঁই , মোবাইল ৫ টা । বিশাল অস্ত্ৰভাণ্ডাৰ সৰবৰাহৰ সতে জড়িত ছজন লোককো  আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । 
             কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত  আজি আয়োজিত হোৱা এক সংবাদমেলত  আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে কয় কালি নিশা  ৭:৩০ মান বজাত বিশাল অস্ত্ৰ-শস্ত্ৰ সহিতে দুৰ্ষ্কৃতিকাৰীৰ দল এটাই জিলাখনৰ গোসাঁইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবিল এলেকাৰ নাশ্ৰাইবিলত ঘূৰি ফুৰাৰ তথ্য লাভ কৰে । গোপন সূত্ৰে উক্ত তথ্য লাভ কৰাৰ পিছতেই চৰাইবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিথুন টায়েৰ নেৰ্তৃত্বত যোৱা আৰক্ষীৰ এটা দলে তালাচী অভিযান আৰম্ভ কৰে । আৰক্ষীৰ তালাচীত বিলাসী স্কৰপিঅ' (নং  এ এচ ১৬ এ , ৪১৬৭) বাহনখনৰ পৰা পাঁচটা একে ৫৬ ৰাইফল , ৮ টা একে ৫৬ মেগজিন , এইচ কে ৩৩ কে ই এটা , এইচ কে ৩৩ কে ই মেগজিন এটা , ইউবিজিএল এটা , ইবিজিএল চেল ১১ টা , চাইনিজ হেণ্ড গ্ৰেণেড  ৮ টা , একে ৫৬ ৰাইফলৰ সজীৱ গুলী ৩০০ জাঁই , মোবাইল ৫ টা জব্দ কৰাৰ লগতে আন বহুতো সা সামগ্ৰী জব্দ কৰিছে । তদুপৰি বিশাল অস্ত্ৰভাণ্ডাৰ সৰবৰাহৰ সতে জড়িত ছজন লোককো  আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ হাতত কৰায়ত্ব হোৱা অস্ত্ৰ সৰবৰাহৰ সতে জড়িত লোকসকল হ'ল ক্ৰমে কোকৰাঝাৰ বিছমুৰীৰ সন্মঞ্জয় বসুমতাৰী ওৰফে বগলা (৩৫) , কচুগাঁও ১ নং মহেন্দ্ৰপুৰৰ ৰবিনাথ নাৰ্জাৰী ওৰফে গেন্দা (২৫) , কোকৰাঝাৰ জাওলীয়াপাৰাৰ ফুংখা বসুমতাৰী ওৰফে লাংখু , মুকথাং  বসুমতাৰী ওৰফে মামো , দোতমা গোপালগাঁওৰ মনিপাল মুছাহাৰী (৩৪) , শোণিতপুৰ ঢেকীয়াজুলীৰ সৌমখৌৰ বসুমতাৰী(২৬) । 
          কোকৰাঝাৰ জিলাৰ  আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে উক্ত অবৈধ অস্ত্ৰ -শস্ত্ৰসমুহ প্ৰকৃততে কাৰ সেই সন্দৰ্ভত আটকাধীন লোকসকলক জেৰা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিআৰ এলেকা অবৈধ অস্ত্ৰ মুক্ত হব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰু বিটিচি নিৰ্বাচনৰ লেখিয়াকৈ বিধানসভা নিৰ্বাচনো শান্তিপুৰ্ণ হব বুলি দাবী কৰিছে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমনৰ প্ৰাকমুহুৰ্তত ৰাজ্যখনত বিশাল অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই বিশেষ তাপপৰ্যৰ সৃষ্টি কৰিছে । 

No comments