Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমীয়া সাহিত্য সন্মিলনীৰ মাজুলী জিলা সমিতি গঠন

গণ বাৰ্তা, ফুলনি, ২ ফেব্ৰুৱাৰী: অসমীয়া সাহিত্য সন্মিলনীৰ মাজুলী জিলা সমিতিখন আজি গঠন কৰা হয়।  অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপ-সভাপতি ৰ...


গণ বাৰ্তা, ফুলনি, ২ ফেব্ৰুৱাৰী: অসমীয়া সাহিত্য সন্মিলনীৰ মাজুলী জিলা সমিতিখন আজি গঠন কৰা হয়।  অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন পূজাৰীয়ে  সন্মিলনীৰ কাৰ্যসূচী আৰু কাৰ্যপন্থা সম্পৰ্কে বিতংভাবে বক্তব্য আগবঢ়ায়।  অন্যহাতে সভাত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰি অসমীয়া সাহিত্য সন্মিলনীৰ সদস্য ড° শিখামণি শৰ্মাই সাহিত্যৰ গুণগত প্ৰমূল্য আৰু লেখক-পাঠক, শ্ৰোতা, নৱপ্ৰজন্মৰ নৱ প্ৰতিভাই সন্মিলনীৰ যোগেদি আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে একক প্ৰচেষ্টাৰে আগবাঢ়ি যোৱাৰ আহ্বান জনায়। সভাত সাংবাদিক ৰূপজ্যোতি বৰা, ভাস্কৰ কাশ্যপ, শিক্ষক মাধুৰ্য শইকীয়াই সাহিত্য সন্মিলনীৰ জিলা সমিতি গঠনৰ জৰিয়তে মাজুলীত সাহিত্য-সংস্কৃতি আৰু ভাষাৰ উত্তৰণত অধিক গতিশীলতা লাভ কৰিব বুলি মন্তব্য কৰে। উক্ত সভাতেই সৰ্বসন্মতি ক্ৰমে প্ৰবীন কুমাৰ দত্তক উপদেষ্টা, দুৰ্গেশ্বৰ শইকীয়াক সভাপতি, পদুম মহন্তক কাৰ্যকৰী সভাপতি আৰু জ্যোতিষ শইকীয়া(অনুভৱ সাগৰ)ক সম্পাদক , ৰূপজ্যোতি শইকীয়া আৰু ভাস্কৰ কাশ্যপক প্ৰচাৰ সম্পাদক , মাধুৰ্য্য শইকীয়াক আলোচনী সম্পাদক লগতে পম্পী শইকীয়া আৰু ধ্ৰুৱজ্যোতি দলেক সহকাৰী আলোচনী সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰে।

No comments