Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মান্দাকাটাত বিজেপিৰ ৰাজহুৱা সভা

গণ বাৰ্তা ,দুমুনিচকী ২৫ ফেব্ৰুৱাৰী :  জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ উদ্যোগত কালি ৮৩ নং মান্দাকাটা পঞ্চায়তৰ সহযোগত মুক্তি যুদ্ধা মালতী ওৰা...


গণ বাৰ্তা ,দুমুনিচকী ২৫ ফেব্ৰুৱাৰী
জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলৰ উদ্যোগত কালি ৮৩ নং মান্দাকাটা পঞ্চায়তৰ সহযোগত মুক্তি যুদ্ধা মালতী ওৰাং ৰঙ্গমঞ্চ প্ৰাঙ্গণত অনুষ্ঠিত হয়  বিজেপিৰ বিশাল ৰাজহুৱা সভা। ৩২ নং বুথৰ সভাপতি প্ৰতাপ ডেকাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা  বিজেপি জেষ্ঠ কৰ্মী অচ্যুৎ দাস, বাবুল চেত্ৰী,আৰিফ আহমেদ আৰু নীপু কৰ্মকাৰে আঁত ধৰা  বিশাল সভাত মান্দাকাটা পঞ্চায়তৰ নিৰ্বাচিত সভাপতি ভাৰতীয় জাতীয় কংগ্ৰেছৰ জাহিদুল ইছলাম আৰু আক্ৰাম হুচেইন, আবেদুল হকৰ নেতৃত্বত  এক সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে। পঞ্চায়ত সভাপতি জাহিদুল ইছলামে কয় যে আমি বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আৰু জালুকবাৰী সমষ্টিৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মসংস্কৃতিৰ প্ৰতি আস্থাশীল হৈ এই দলত যোগদান কৰিছো।  অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি তবিবৰ ৰহমানে কয় যে বিজেপিৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছহে অধিক সাম্প্ৰদায়িক বুলি উল্লেখ কৰে। বিস্তৃত বাখ্যাৰে নেতা গৰাকীয়ে কয়  বিজেপিয়ে সংখ্যালঘু লোকৰ কল্যাণকৰ আঁচনি গ্ৰহণ কৰিছে। বেজেৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্য চন্দনা মহন্ত বণিয়াই কয় যে সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপিক ১০০ শতাংশ ভোটদান কৰিবলৈ সকলোকে আহ্বান জনায়। সভাপতি বিশিষ্ট নিৱন্ধকাৰ মোহন শ‌ইকীয়া উপস্থিত থাকি কয় যে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে উন্নয়নৰ ৰাজনীতি কৰে।সবকা সাথ সবকা বিকাশ নীতিতহে ভাৰতীয় জনতা পাৰ্টী বিশ্বাসী। লগতে তেওঁ আধুনিক জালুকবাৰীৰ খনিকৰ ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী ৰাইজৰ হৃদয় জিনি লৈছে বুলি মন্তব্য আগবঢ়ায়। সভাত বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা,মান্দাকাটা পঞ্চায়তয় আঞ্চলিক সদস্য বীৰেণ বৈশ্য ,মতিৰাম ডেকা, বাহাৰুল ইছলাম,আয়েজুল হক,ম‌ইনুল হক,মতিউৰ ৰহমান উপস্থিত থাকে।সভাৰ আৰম্ভণিতে বিজেপি জেষ্ঠ কৰ্মী চাইনিং মাৰাক,ইন্তাজুল হক, বসন্ত কুমাৰ কাকতি নেতৃত্বত বৃহত্তৰ মান্দাকাটা অঞ্চলৰ যুৱক সকলৰ সহযোগত বেজেৰা উন্নয়ন খণ্ডৰ পৰা মান্দকাটা বাগানলৈ বিশাল বাইক ৰেলী উলিয়াই হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে। যোগদান কাৰ্যসূচীয়ে  সংখ্যালঘু বসতি প্ৰধান মান্দাকাটাত প্ৰায় কংগ্ৰেছ মুক্ত। আগন্তুক বিধান সভা নিৰ্বাচনত জালুকবাৰীত কংগ্ৰেছ শূণ্য হোৱাটো একপ্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।

No comments