Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিগবৈত টাটা চুমু বাহনসহ পাচঁটা চোৰাং গৰুসহ এজন গৰু চুৰক আটক

দৈনিক গণ অধিকাৰ,০৫ ফেব্ৰুৱাৰী,ডিগবৈ-ৰাজ্যৰ বিভিন্ন প্ৰান্তত এচাম গৰু চুৰি চক্ৰই ,বিভিন্ন কৌশল অৱলম্বন কৰি,বিভিন্ন পক্ষৰ লগত গোপন মিতিৰালিৰে ...


দৈনিক গণ অধিকাৰ,০৫ ফেব্ৰুৱাৰী,ডিগবৈ-ৰাজ্যৰ বিভিন্ন প্ৰান্তত এচাম গৰু চুৰি চক্ৰই ,বিভিন্ন কৌশল অৱলম্বন কৰি,বিভিন্ন পক্ষৰ লগত গোপন মিতিৰালিৰে গৰু চুৰি দৰে অসৎ কৰ্ম অব্যাহত ৰখাৰ সময়তে ,যোৱা নিশা প্ৰায় ১২:৩০ বজাত ডিগবৈৰ পাৰ্শ্ব্ৱ্তী টিংৰাই উল্টাপুল কালি মন্দিৰৰ সন্মুখত চোৰাং গৰু ব্যৱসায়ী চক্ৰৰ এজন ব্যক্তিসহ পাচঁটা চোৰাং গৰু স্হানীয় ৰাইজৰে জব্দ কৰিবলৈ সক্ষম হয়৷ডিগবৈ আৰক্ষী প্ৰশাসন আৰু চোৰাং গৰু চক্ৰটোৰ লগত জড়িত আটকাধীন ৰিয়াজ আলিৰ মুখেৰে  জানিব পৰা অনুসৰি ,যোৱা নিশা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু বজাৰৰ সমিপথৰ পৰা,পদপথৰ ওপৰতে থকা ছয়টা গৰু এ এচ ২৩ এচি ৮৬৫৭ নম্বৰৰ টাটা চুমু বাহনখনত তুলি ডিব্ৰুগড়লৈ, লৈ গৈ থকাৰ সময়ত ,ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত উল্টাপুল কালিমন্দিৰৰ সমিপথ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা পতিত হয়৷দুৰ্ঘটনাত পতিত হোৱা টাটা চুমু বাহনখন স্হানীয় ৰাইজে, উদ্ধাৰৰ উদ্দেশ্যই অহাত টাটা চুমু বাহনখনৰ পিচফালৰ আসনসমুহত ছয়টাকৈ গৰু প্ৰত্যক্ষ কৰি ,বাহনখনত যোৱা পাচঁজন ব্যক্তিক সোধা পোচা কৰাত সমগ্ৰ ঘটনাৰাজি উলাই পৰে৷স্হানীয় ৰাইজৰ প্ৰশ্নত গৰু চোৰা চক্ৰটোৰ চাৰিজন ব্যক্তি পলায়ন কৰে যদিও,ৰিয়াজ আলি নামৰ ব্যক্তি জনক আবদ্ধ কৰি ৰাখি  ডিগবৈ আৰক্ষী প্ৰশাসনক গটাই দিয়ে৷কৰায়ত্ত ৰিয়াজ আলিৰ মুখেৰে অৱগত হোৱা অনুসৰি ,ৰিয়াজ আলিৰ ঘৰ ডিব্ৰুগড়ৰ পূব বানীপুৰ বুলি জানিবলৈ দিয়ে ৷গৰু চোৰাং চক্ৰটোৰ লগত বাহনখন অহা চাৰিজন পলাতকৰ নাম ক্ৰমে আশিক আলি,ফাৰুক আলি,ইৰফাণ আলি আৰু আৰফাণ আলি বুলি জানিবলৈ দিয়ে৷চোৰাং গৰু চুৰি চক্ৰটোত ব্যৱহৃত কৰা বাহনখনৰ গৰাকীৰ নাম আৰফণ আলি আৰু তেওঁ নিজে বাহনখনৰ চালকৰ আসনত আছিল বুলি অৱগত কৰে৷স্হানীয় ৰাইজৰ সহযোগত কৰায়ত্ত কৰা ৰিয়াজ আলি সহ পাচঁটা গৰু ডিগবৈ প্ৰশাসনে,ডিগবৈ আৰক্ষী চকীতে বৰ্তমান ৰাখিছে৷পৰিতাপৰ বিষয় যে,দূৰ্ঘটনাত পতিত হোৱা বাহনখনত থকা, চুৰ কৰি অনা ছয়টা গৰু ভিতৰত এটা গৰু বাহনখনৰ ভিতৰতে মৃত্যু হয়৷সমগ্ৰ ঘটনাৰাজিয়ে ডিগবৈ চহৰত এক আতংকিত পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে,ডিগবৈ জাতীয় জনগোষ্ঠীয় দল - সংগঠনে তীব্ৰ ভাষাৰ গৰিহণা দিছে৷জাতীয় জনগোষ্ঠীয় দল সংগঠনে বক্তব্য প্ৰদান কৰা অনুসৰি এচাম দুষ্ট চক্ৰই আৰক্ষী প্ৰশাসনৰ গোপন বুজাবুজিত চুৰি গৰু চক্ৰটোয়ে অবাধ হাৰত ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা মত পোষক কৰিছে ৷ডিগবৈ চহৰৰ মাজেৰে অবাধ হাৰত চোৰাং গৰু ব্যৱসায় চলাই থকা দুষ্ট চক্ৰটো আৰক্ষী প্ৰশাসনে যদি অনতিপলমে ৰোধ কৰিবলৈ সক্ষম নহয়,তেন্তে আগন্তুক দিনত দল সংগঠনে আৰক্ষী প্ৰশাসনৰ বিৰোদ্ধে জংগী আন্দোলন হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে৷


No comments